কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু ৰাজ্যিক আৰক্ষীৰ যুটীয়া অভিযানত মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ত মাওবাদী গেৰিলাসকলৰ নিধনযজ্ঞ অব্যাহত আছে। একে সময়তে আত্মসমৰ্পণৰ প্ৰৱণতাও বৃদ্ধি পাইছে। এইবাৰ ছত্তীশগড়ৰ বস্তাৰ সংমণ্ডলৰ মূৰৰ মূল্য ৩২ লাখ টকা ঘোষিত হৈ থকা চাৰিজন মাওবাদী নেতাই (Naxalites) আত্মসমৰ্পণ কৰিছে।

সংবাদ সংস্থা পিটিআয়ে জনোৱা অনুসৰি, বুধবাৰে নাৰায়ণপুৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰভাত কুমাৰৰ উপস্থিতিত আত্মসমৰ্পণ কৰা চাৰিজন মাওবাদী কমাণ্ডাৰৰ ভিতৰত এহাল দম্পতীও আছে। চাৰিওজনৰ বিৰুদ্ধে হত্যা আৰু ধ্বংসযজ্ঞকে ধৰি 40 টাতকৈও অধিক গুৰুতৰ অপৰাধমূলক গোচৰ আছে।
অৱশ্যে এই সফলতা যুটীয়া বাহিনীৰ অভিযানত নহয়, ছত্তীশগড় ‘নিয়া নাৰ নিয়া আৰক্ষী’ (আমাৰ গাওঁ, আমাৰ আৰক্ষী) অভিযানৰ সফলতা বুলি প্ৰভাতে কয়। তেওঁ কয়, “নিষিদ্ধ চিপিআই (মাওবাদী) সশস্ত্ৰ শাখা পিএলজিএ (পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মী)ৰ বস্তাৰ সংমণ্ডলত সক্ৰিয় আৰু কেইজনমান নেতাই আমাৰ আবেদনৰ প্ৰতি সঁহাৰি জনাই ভৱিষ্যতে মূলসুঁতিলৈ উভতি আহিব।”
আত্মসমৰ্পণকাৰী গান্ধী তাঁতী ওৰফে আৰৱ ওৰফে কমলেশ (৩৫) আৰু মাইনু ওৰফে হেমলাল কোৰাম (৩৫) মাওবাদীৰ বস্তাৰ সংমণ্ডলীয় সমিতিৰ সদস্য বুলি আৰক্ষীয়ে জনায়। ২০১০ চনত দান্তেৱাড়া জিলাত (বৰ্তমান সুকমা) যুটীয়া বাহিনীৰ ওপৰত হোৱা আক্ৰমণত ৭৬ জন জোৱান নিহত হোৱা মাওবাদী সন্ত্ৰাসত কমলেশ জড়িত আছিল।
হেমলাল চিপিআই (মাওবাদী)ৰ আমদাই এলেকা সমিতিৰ সম্পাদক। আন দুজন মাওবাদী গেৰিলা হৈছে ৰঞ্জিত লেকামি ওৰফে অৰ্জুন (৩০) আৰু তেওঁৰ পত্নী কোচি ওৰফে কাজল। ছত্তীশগড় আৰক্ষীয়ে বুধবাৰে কয় যে যোৱা বছৰ বস্তাৰ সংমণ্ডলৰ সাতখন জিলাত মুঠ ৭৯২ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছিল।