এগৰাকী মহিলাক ধৰ্ষণ (Rape) কৰি উঠি তেওঁৰ যৌনাংগত জ্বলন্ত চিগাৰেট আৰু গৰম টাৱা লগাই দিয়াৰ এক অভিযোগ উত্থাপন হৈছে। মহাৰাষ্ট্ৰৰ থানেৰ বাসিন্দা মহিলাগৰাকীয়ে অলপতে তেওঁৰ স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰে। অভিযোগ কৰা হৈছে যে স্বামীয়ে তেওঁক ব্লেকমেইল কৰি বিবাহৰ বাবে সন্মত হ’বলৈ বাধ্য কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, ভুক্তভোগীয়ে চাৰি বছৰ পূৰ্বে ছ’চিয়েল মিডিয়াৰ জৰিয়তে ৩৮ বছৰীয়া লোকজনক লগ পাইছিল। লাহে লাহে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। অভিযোগ কৰা হৈছে যে এদিন যুৱতীগৰাকীক এটা নিৰ্জন লজলৈ মাতি নি যুৱকজনে ধৰ্ষণ কৰিছিল। তাৰ পিছত বিয়া কৰোৱাৰ বাবে নিৰন্তৰ ভাবুকি আৰম্ভ হৈছিল।
অভিযোগ কৰা হৈছে যে যদি তেওঁ বিবাহত সন্মত নহয়, তেন্তে ধৰ্ষণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল কৰিব। ইয়াৰ মাজতে যুৱকজনে যুৱতীগৰাকীক ভাবুকি দি আৰু কেইবাবাৰো ধৰ্ষণ কৰে। এটা সময়ত ভুক্তভোগীয়ে যুৱকজনক বিয়া কৰাবলৈ সন্মত হয়।
কিন্তু বিয়াৰ পিছতে অত্যাচাৰ আৰম্ভ হয়। স্বামী আৰু শাহুৱেকে মহিলাগৰাকীক বলপূৰ্বক মধ্যপ্ৰদেশৰ গোৱালিয়ৰত থকা তেওঁৰ ঘৰলৈ লৈ যায়। তাত তেওঁৰ চুলি আৰু চকুৰ ভ্ৰূ কাটি এটা কোঠাত বন্দী কৰি ৰাখিছিল। আধাৰ, পেন কাৰ্ড, বেংক পাছবুককে ধৰি সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ কাঢ়ি লোৱা হৈছিল। এইটো অভিযোগ কৰা হৈছে যে এই সময়ছোৱাত তেওঁক কেইবাবাৰো ধৰ্ষণ কৰা হৈছিল।
জ্বলন্ত চিগাৰেট আৰু গৰম টাৱাৰে যৌনাংগৰ লগতে শৰীৰৰ বিভিন্ন স্থানত ক্ষত কৰা বুলিও অভিযোগ কৰা হৈছে।
ভুক্তভোগীয়ে লগতে অভিযোগ কৰে যে তেওঁৰ শহুৰেকে তেওঁৰ বেংক একাউণ্টৰ নথিপত্ৰ ব্যৱহাৰ কৰি বৃহৎ ঋণ লৈছিল।
তেওঁৰ পিতৃকো যৌতুকৰ বাবে হেঁচা দিয়া হৈছে। যদি তাত সন্মত নহয় তেন্তে অভিযুক্তই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ ভাবুকি দিয়ে। কিন্তু দেওবাৰে মহিলাগৰাকীয়ে তেওঁৰ স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ পাঁচজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।
গোচৰটো ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ (২) (একাধিক ধৰ্ষণ), ৭৫ (যৌন অপৰাধ), ৮৭ (অপহৰণ) ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগীৰ স্বামী আৰু আন অভিযুক্তক ধৰিবলৈ এক অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে।