থাইলেণ্ডৰ এখন হোটেলৰ বাথটাবৰ পৰা উদ্ধাৰ উত্তৰ প্ৰদেশৰ এগৰাকী মহিলাৰ মৃতদেহ (Thailand Murder) । মৃত মহিলাগৰাকীক প্ৰিয়ংকা শৰ্মা বুলি চিনাক্ত কৰা হৈছে। কিন্তু মৃতকৰ পৰিয়ালে অভিযোগ কৰিছে যে প্ৰিয়ংকাক হত্যা কৰা হৈছে। তেওঁৰ স্বামীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, প্ৰিয়ংকাই কেইদিনমান পূৰ্বে তেওঁৰ স্বামী আশিস শ্ৰীবাস্তৱৰ সৈতে থাইলেণ্ডলৈ গৈছিল। আশিস পেছাত এজন চিকিৎসক। তেওঁ উত্তৰ প্ৰদেশৰ ওৰাই চিকিৎসা মহাবিদ্যালয়ত কাম কৰি আছে।
প্ৰিয়ংকা আৰু আশিস পাটায়াৰ এখন হোটেলত আছিল। হোটেলখনৰ বাথটাবৰ পৰা প্ৰিয়ংকাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আশিসে দাবী কৰে যে প্ৰিয়ংকাৰ বাথটাবত ডুব যোৱাৰ ফলত মৃত্যু হয়। কিন্তু উক্ত সৰু বাথটাবটোৰ পানীত ডুব গৈ কেনেকৈ তেওঁৰ মৃত্যু হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।
অৱশ্যে প্ৰিয়ংকাৰ পিতৃ সত্যনাৰায়ণ শৰ্মাই অভিযোগ কৰে যে তেওঁৰ কন্যাক হত্যা কৰা হৈছে। প্ৰিয়ংকাৰ স্বামীয়ে তেওঁক হত্যাৰ পৰিকল্পনাৰে থাইলেণ্ড ভ্ৰমণলৈ লৈ গৈছিল। প্ৰিয়ংকাৰ পিতৃয়ে আশিসৰ ওপৰত বিবাহ বহিৰ্ভূত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে।
আশিসৰ প্ৰায়ে প্ৰিয়ংকাৰ সৈতে সমস্যা হৈছিল। কাৰণ তেওঁ এই বিষয়ে জানিব পাৰিছিল। আশিসে প্ৰিয়ংকাক মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰো কৰিছিল বুলিও প্ৰিয়ংকাৰ পিতৃয়ে অভিযোগ উত্থাপন কৰিছে। আশিসৰ বিৰুদ্ধে আৰক্ষী থানাত নিৰ্যাতনৰ অভিযোগো দাখিল কৰা হৈছিল।
প্ৰিয়ংকাই ২০১৭ চনত আশিসক বিয়া কৰাইছিল। অভিযোগ কৰা হৈছে যে তেতিয়াৰ পৰাই প্ৰিয়ংকাৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছিল। আশিসৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক পোহৰলৈ অহাৰ পিছত অত্যাচাৰ বৃদ্ধি পাইছিল।