জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (এল অ’ চি) কাষত সংঘটিত লেণ্ডমাইন বিস্ফোৰণত ছয়জন ভাৰতীয় সেনা জোৱান আহত (Rajouri Blast) হয়। তেওঁলোকক ৰাজৌৰী জিলা চিকিৎসালয়লৈ প্ৰেৰৰণ কৰা হয়। আহতসকলৰ মাজৰ এজন গুৰুতৰভাৱে আহত হৈছে। বাকীসকলে সামান্য আঘাত পোৱা বুলি সেনাৰ সূত্ৰত প্ৰকাশ।

ভাৰতীয় সেনাৰ উত্তৰ কমাণ্ডৰ সূত্ৰ অনুসৰি, মঙলবাৰে পাকিস্তান অধিকৃত কাশ্মীৰৰ (পি অ’ কে) সৈতে সংলগ্ন ৰাজৌৰী জিলাৰ নৌচেৰাৰ ভৱানী ছেক্টৰত এই ঘটনা সংঘটিত হয়। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহতো একেটা অঞ্চলতে এটা লেণ্ডমাইন বিস্ফোৰণত এজন সেনা জোৱানৰ ভৰি বিচ্ছিন্ন হৈছিল। অৱশ্যে এই লেণ্ডমাইনটো পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে সংস্থাপন কৰিছিল নেকি সেই বিষয়ে সেনাই একো কোৱা নাই।
ইয়াৰ বিপৰীতে নিৰাপত্তা বিশেষজ্ঞৰ এটা অংশৰ মতে, পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশ প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাই কিছুমান অঞ্চলত লেণ্ডমাইন সংস্থাপন কৰিছিল। ভুলবশতঃ, টহল দি থকাৰ সময়ত সেনাই তাত ভৰি দিয়াৰ ফলত এই বিস্ফোৰণ সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।