সাধাৰণতে আমি জানো যে বিবাহৰ দৰে শুভকামত হাতত মেহেন্দি লগোৱাতো এক পৰম্পৰা। এই পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে। কিন্তু বিবাহ বিচ্ছেদৰ বাবে (for divorce)ও মেহেন্দি? নিশ্চিতভাৱে এয়া আপোনাৰ মনত প্ৰশ্নবোধকৰ সৃষ্টি কৰিব লগা এক কথা। কিন্তু এয়া সত্য। এগৰাকী মহিলাই নিজৰ বিবাহ বিচ্ছেদৰ খবৰ জনাইছে হাতত মেহেন্দি (Mehendi in hand) লগাই। এই নতুন প্ৰৱণতাই এতিয়া সামাজিক মাধ্যমৰ বহু লোকক আচৰিত কৰি তুলিছে।
শেহতীয়াকৈ এগৰাকী মহিলাই হাতত মেহেন্দি লগাই তেওঁৰ বিবাহিত জীৱনৰ গভীৰ বেদনা আৰু সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰিছে। এই গভীৰ দুখজনক পৰিস্থিতিৰ শেষত তেওঁ বিবাহ বিচ্ছেদ কৰিবলগা হয়। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ (Viral video)। ভিডিঅ’টোৱে হাজাৰ হাজাৰ মানুহৰ হৃদয় স্পৰ্শ কৰিছে।
ভিডিঅ’টোত এগৰাকী মহিলাই মেহেন্দিৰ জৰিয়তে নিজৰ হাতত বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰা দেখা গৈছে। তেওঁ লিখিছে,”অৱশেষত বিচ্ছেদ।” হাতৰ তলুৱাৰ পৰা কিলাকুটিলৈকে কেইবাটাও ডিজাইনত মেহেন্দিৰ জৰিয়তে মহিলাগৰাকীয়ে বৈবাহিক জীৱনৰ কঠোৰ বাস্তৱতাক প্ৰদৰ্শন কৰিছে।
শহুৰেকৰ ঘৰত মহিলাগৰাকীক চাকৰৰ দৰে ব্যৱহাৰ কৰা হৈছিল। এই কাৰ্যক তেওঁৰ স্বামীয়েও সমৰ্থন কৰিছিল। তেওঁ লগোৱা মেহেন্দিৰ ডিজাইনে মহিলাগৰাকীৰ মানসিক যন্ত্ৰণাক প্ৰকাশ কৰি তুলিছে। আনহাতে, সেই বেদনাই লাহে লাহে তেওঁক বিচ্ছেদৰ পথলৈ লৈ যায়। এই বিচ্ছেদৰ মেহেন্দিয়ে গভীৰ আৱেগক প্ৰতিফলিত কৰিছে।
মেহেন্দিৰ জৰিয়তে বিবাহ বিচ্ছেদৰ কথা জনোৱা মহিলাগৰাকীয়ে তেওঁৰ মেহেন্দিৰ ডিজাইনত স্পষ্টভাৱে চিত্ৰিত কৰিছে যে তেওঁক কেনেদৰে অন্যায় ব্যৱহাৰ কৰা হৈছিল। কিন্তু তেওঁ স্বামীৰ পৰা কোনো সমৰ্থন লাভ কৰা নাছিল। ফলত তেওঁ ক্ৰমান্বয়ে অকলশৰীয়া হৈ পৰিছিল। নিৰন্তৰ তৰ্ক-বিতৰ্ক আৰু মানসিক বেদনাই তেওঁৰ হাতৰ মেহেন্দিৰ ডিজাইনত স্থান পাইছে।