দিল্লী (In Delhi)ৰ কেইবাখনো বিদ্যালয়ত (In several schools) পুনৰ বোমাতংক (Bomb panic again)। সোমবাৰে পুৱা কেইবাখনো বিদ্যালয় কৰ্তৃপক্ষই ভাবুকিপূৰ্ণ মেইল লাভ (Receiving threatening mail) কৰে। ই-মেইলত পৰিচয় গোপন ৰাখি প্ৰেৰকসকলে কয় যে যদি তেওঁলোকৰ দাবী পূৰণ কৰা নহয় তেন্তে শুকুৰবাৰ আৰু শনিবাৰে বিদ্যালয়সমূহত বিস্ফোৰণ হ’ব। এইটোও দাবী কৰা হৈছে যে বিস্ফোৰণৰ প্ৰভাৱৰ ফলত প্ৰাণহানিৰ লগতে বিদ্যালয় ভৱনো খহি পৰিব পাৰে। অৱশ্যে দাবীটোৰ বিষয়ে একো কোৱা হোৱা নাই। বিদ্যালয়সমূহে ই-মেইলৰ প্ৰতি সঁহাৰি দিলেহে এই বিষয়ে জাননী দিয়া হ’ব বুলি উল্লেখ কৰে।
ইফালে বিভিন্ন বিদ্যালয়ৰ কৰ্তৃপক্ষই ভাবুকিপূৰ্ণ মেইল পোৱাৰ পিছত আৰক্ষীক বিষয়টো সম্পৰ্কে অৱগত কৰে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। বোমা স্কোৱাডো উপস্থিত হয়। ডগ স্কোৱাডো লৈ যোৱা হয় আৰু অনুসন্ধান আৰম্ভ হয়। অনুসন্ধান এতিয়াও অব্যাহত আছে। অৱশ্যে এতিয়ালৈকে একো অস্বাভাৱিক বস্তু লক্ষ্য কৰা হোৱা নাই। শুকুৰবাৰে পুৱা পূব কৈলাস, শ্ৰীনিবাস পুৰী আৰু ময়ূৰ বিহাৰ অঞ্চলৰ কেইবাখনো বিদ্যালয়ে ই-মেইল লাভ কৰে।
উল্লেখ্য যে দিল্লীত এনে ধৰণৰ ঘটনা নতুন নহয়। চলিত সপ্তাহৰ আৰম্ভণিতে দিল্লীৰ ৪০ খন বিদ্যালয়ত বোমা ৰখা বুলি ই-মেইল লাভ কৰা হৈছিল। অৱশ্যে বিদ্যালয়সমূহৰ পৰা কোনো বোমা বা অন্যান্য বিস্ফোৰক উদ্ধাৰ কৰা হোৱা নাছিল। পূৰ্বৱৰ্তী মেইলত বিস্ফোৰণ পৰিহাৰ কৰিবলৈ ৩০,০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২৫.৫ লাখ টকা) দাবী কৰে।