চেন্নাইৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত (Fire at Chennai Hospital) শিশুসহ কমেও ছয়জন লোক নিহত হয়। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে চিকিৎসালয়ত চিকিৎসাধীন ৩০ জন ৰোগীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে।
স্থানীয় লোকে বৃহস্পতিবাৰে মাজনিশা চেন্নাইৰ ত্ৰিচি ৰোড অঞ্চলৰ চিকিৎসালয়ৰ পৰা জুই আৰু ক’লা ধোঁৱা ওলোৱা দেখা পায়। চিকিৎসালয় কৰ্তৃপক্ষই অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰাত লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হয়।
ৰোগীসকলক উদ্ধাৰ কৰা হয় আৰু জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। উদ্ধাৰ অভিযান শেষ হোৱাৰ লগে লগে চিকিৎসালয়ৰ এলিভেটৰৰ ভিতৰত কেইবাজনো লোক অচেতন অৱস্থাত পোৱা যায়।
তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকসকলে তেওঁলোকৰ ছয়জনক মৃত ঘোষণা কৰে। কিছুলোক এতিয়াও চিকিৎসাধীন হৈ আছে। প্ৰাৰম্ভিক ধাৰণা অনুসৰি জুইৰ ধোঁৱাৰ বাবে শ্বাসৰুদ্ধ হৈ ছয়জন লোকৰ মৃত্যু হৈছে।
চিচিটিভি কেমেৰাত চিকিৎসালয়ৰ পৰা জুই আৰু ক’লা ধোঁৱা ওলাই অহা দেখা যায়। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে সন্দেহ কৰিছে যে অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয়।
উল্লেখযোগ্য যে যোৱা নৱেম্বৰ মাহত উত্তৰ প্ৰদেশৰ ঝাঁচীৰ মহাৰাণী লক্ষ্মীবাই চিকিৎসা মহাবিদ্যালয়ত সংঘটিত অগ্নিকাণ্ডত ১১ টা নৱজাতকৰ মৃত্যু হৈছিল।