পৃথিৱী বিখ্যাত কাজিৰঙাৰ এশিঙীয়া গঁড় (Kaziranga’s one horned rhinoceros)। এই নিৰিহ প্ৰাণীটো খড়্গটোৰ বাবেই জগৎ বিখ্যাত আৰু চোৰাং চিকাৰীৰ বলি হয়। কিন্তু এইবাৰ খড়্গ নহয়, প্ৰকাশ হৈছে জীৱিত গড় বিক্ৰী হোৱাৰ খবৰৰ। কাজিৰঙাৰ পৰা জীৱন্ত গঁড় বিক্ৰী (Sale of live rhinos) কৰা হৈছিল। আচৰিত লাগিলেও এইয়াই সত্য। ১৯৪০ চনৰ পৰা ১৯৭৪ চনলৈকে কাজিৰঙাৰ পৰা দেশ আৰু বিদেশৰ চিৰিয়াখানালৈ ৩৯ টা গঁড় প্ৰেৰণ কৰা হৈছিল।
বিভাগীয় তথ্য মতে ১৯০৮ চনৰ ১ জুনৰ পৰা কাজিৰঙাৰ পৰিচালনা ইতিহাস আৰম্ভ হৈছিল৷ ১৯০৮ চনৰ ১ জুনত কাজিৰঙাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত ইয়াক ১৯১৬ চনত মৃগয়াবন, ১৯৫০ চনত বন্যপ্ৰাণী অভয়াৰণ্য আৰু ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ কাজিৰঙাক উন্নীত কৰা হয়। ১৯৪০ পিচলৈকে কাজিৰঙাৰ সংৰক্ষণৰ বিশেষ কোনো কাৰ্য পৰিকল্পনাৰ প্ৰস্তুত কৰা হোৱা নাছিল৷ পৰ্যটনৰ বিকাশো তেনেকৈ হোৱা নাছিল৷
এই সময়চোৱাত দেশী আৰু বিদেশী চিৰিয়াখানালৈ কাজিৰঙাৰ এশিঙীয়া গঁড় যোগান ধৰা হৈছিল৷ এইদৰে প্ৰেৰণ কৰা গঁড় পৰা চৰকাৰে লাভ কৰা বিভিন্ন ৰাজহৰ পৰিমান আৰু বিভাগীয় তথ্য পোৱা যায়৷ সেই সময়ত গঁড়ৰ মল, মৃত গঁড়ৰ খৰ্গ উদ্ধাৰ কৰা আদি তথ্য পৰ্যটকক দিয়া হৈছিল আৰু গঁড় দৰ্শন কৰা ফটো তোলাৰ বাবে অনুমতি দিয়া হৈছিল। দেশী-বিদেশী চিৰিয়াখানালৈ পঠাবৰ বাবে প্ৰথমটো গঁড় কেতিয়া আৰু কেনেকৈ কৰায়ত্ব কৰা হৈছিল, কেনেকৈ বাহিৰলৈ নিয়া হৈছিল, তাৰ বিভাগীয় তথ্য পোৱা হোৱা নাই যদিও ১৯৪০ চনৰ পৰা পৃথিৱীৰ বিভিন্ন চিৰিয়াখানালৈ কাজিৰঙাৰ পৰা গঁড় প্ৰেৰণ কৰাৰ কেতবোৰ তথ্য পোৱা গৈছে৷ অৱশ্যে বৃটিছৰ আমোলত কিছু সংখ্যক গঁড় ১৯৪০ চনৰ আগতে লণ্ডন চিৰিয়াখানা আৰু কলিকতা চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল।
বিভাগীয় তথ্য মতে ১৯৪০ চনৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় দেশী বিদেশী চিৰিয়াখানালৈ প্ৰেৰণ কৰিছিল। তথ্য অনুসৰি লণ্ডন, চিকাগো, কাইৰো, ব্ৰাছেল, মিলান, আলিপুৰ, বোম্বাই, মাদ্ৰাজ, ফিলাডেলফিয়া, হামবাৰ্গ, মাইছোৰ, ত্ৰিবান্দ্ৰম, টকীঅ’, লক্ষ্নৌ, ৱেষ্ট বাৰ্লিন, দিল্লী, পেৰিছ আৰু অসম ৰাজ্যিক চিৰিয়াখানালৈ প্ৰেৰণ কৰা হৈছিল এই গঁড়সমূহ। ১৯৪০ চনত (1940 Year) প্ৰথম গঁড় বিক্ৰী (Sale of the first rhino) কৰা হৈছিল ৯০,০০৭ টকা মূল্যত (At a price of Rs 90,007)। প্ৰাপ্ত তালিকাত দুটা গঁড় বিনামূল্যে, এটা গড় বিনিময়ত আৰু ৯ টা গঁড়ৰ মূল্য উল্লেখ নাই। সৰ্বাধিক ৩ লাখ ৭ টকাকৈ বিক্ৰী কৰা দুটা গঁড় প্ৰেৰণ কৰা হৈছিল ক্ৰমে ৱেষ্ট বাৰ্লিন চিৰিয়াখানা আৰু হামবাৰ্গ চিৰিয়াখানালৈ। এই তথ্যসমূহে কাজিৰঙাৰ ইতিহাসক নিশ্চিতভাৱে প্ৰতিফলিত কৰিব।