গোৱালপাৰাত জেহাদী (Jihadi in Goalpara)ৰ বিৰুদ্ধে নিয়াৰ অভিযান (NIA’s mission)। গোৱালপাৰাৰ হাচিলাপাৰা, বৰপাহাৰ, বলবলা, টুকুৰা অঞ্চলত নিয়াই সন্ত্ৰাসবাদী সংগঠন ‘জইশ-ই-মহম্মদ’ৰ বিৰুদ্ধে এই অভিযান চলায়। গোৱালপাৰাৰ কৃষ্ণাই, হাচিলাপাৰা, বৰপাহাৰ, বলবলা, টুকুৰা অঞ্চলত নিয়াই এই অভিযান চলায়। এই অভিযানত চাৰিজন সন্দেহযুক্ত জেহাদীক আটক (Four suspected jehadis detained) কৰে। আটকাধীন সন্দেহযুক্ত জেহাদীকেইটাক গোৱালপাৰা আৰক্ষী ছাউনিত জেৰা চলোৱা হৈছে।
এই অভিযানৰ বাবে ইতিমধ্যে নিয়াৰ এটা দলে গোৱালপাৰাত বাহৰ পাতিছে। গোৱালপাৰা আৰক্ষীৰ সহযোগত বুধবাৰে নিশাৰ পৰা চলোৱা এই অভিযানত টুকুৰাৰ পৰা জয়নাল আবেদিন আৰু শ্বাহানুৰ আলমক আটক কৰে। আনহাতে, আন দুটা সন্দেহযুক্ত জেহাদী আবু তালেব আৰু শ্বাহানুৰুল ইছলামক বৰপাহাৰৰ পৰা আটক কৰা হয়।