জামিনত মুক্তিলাভ কৰিয়েই ধৰ্ষণৰ অভিযুক্ত যুৱকে (Rape Case) সংঘটিত কৰিলে ভয়ংকৰ অপৰাধ কাণ্ড। নিৰ্যাতিতাক হত্যা কৰি মৃতদেহটো টুকুৰা-টুকুৰ কৰি কেইবাটাও স্থানত পেলাই দিয়ে।
ওড়িশাৰ এই ঘটনাত হত্যাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক। অভিযুক্ত যুৱকজন ওড়িশাৰ সুন্দৰগড় জিলাৰ বাসিন্দা। ২০২৩ চনৰ আগষ্ট মাহত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল।
উক্ত ঘটনাত ভুক্তভোগী আৰু তেওঁৰ পৰিয়ালৰ হৈ ধৰুৱাদিহি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল। অভিযোগৰ ভিত্তিত আগষ্ট মাহত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছত চলিত বছৰৰ ডিচেম্বৰ মাহত জামিনত মুকলি কৰি দিয়া হয় অভিযুক্তক।
ঝাৰসুগুডাৰ আৰক্ষী অধীক্ষক পৰমা স্মিট পুৰুষোত্তমদাসে কয়, “ছোৱালীজনীৰ পৰিয়ালে চলিত বৰ্ষৰ ৭ ডিচেম্বৰত নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল। অন্তিমবাৰৰ বাবে চিচিটিভি ফুটেজত দুজন যুৱকৰ সৈতে তেওঁক বাইকত দেখা গৈছিল। দুয়োৰে মুখ হেলমেটেৰে ঢাকি থোৱা আছিল। কিন্তু কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত যুৱক দুজনক চিনাক্ত কৰা হয়। দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছে।”
আৰক্ষীৰ সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ ভিতৰত এজন মূল অভিযুক্ত। আনজন তেওঁৰ চিনাকি। আৰক্ষীয়ে দাবী কৰিছে যে তেওঁ হত্যা কৰাত সহায় কৰিছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, যুৱতীগৰাকী সুন্দৰগড়ৰ বাসিন্দা আছিল যদিও ঝাৰছুগুডাৰ এজন আত্মীয়ৰ ঘৰত আছিল।
চলিত মাহৰ আৰম্ভণিতে তেওঁ হঠাতে ঘৰৰ পৰা নিৰুদ্দেশ হয়। আৰক্ষীৰ তদন্ত অনুসৰি অভিযুক্তই প্ৰথমে ৰুৰকেলা আৰু দেওঘৰৰ মাজৰ ১৪৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্জন স্থানলৈ লৈ গৈ চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰে। ইয়াৰ পিছত তেওঁৰ মৃতদেহ নদীত পেলাই দিয়ে।
আৰক্ষী আৰু ওড়িশা দুৰ্যোগ সঁহাৰি বাহিনীয়ে যৌথভাৱে তালাচী চলাই ভুক্তভোগীৰ মূৰকে ধৰি শৰীৰৰ একাধিক অংশ উদ্ধাৰ কৰে। বাকী অংশৰ সন্ধান অব্যাহত আছে। আৰক্ষীয়ে জনোৱা মতে, জেৰাৰ সময়ত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। অভিযুক্তই কয় যে এই ঘটনাৰ প্ৰমাণ ধ্বংস কৰিবলৈ তেওঁ সেয়া কৰে।