২৪ ঘণ্টা ধৰি এটা বন্ধ কোঠাত ‘তপস্যা’ কৰিছিল মা দৰ্শনৰ বাবে। কিন্তু তেওঁ দৰ্শন পোৱা নাছিল। যাৰ বাবে বাৰাণসীৰ এজন পুৰোহিতে (Varanasi Priest Sucide) ডিঙিত ছুৰীৰে ৰেপি আত্মহত্যা কৰে। অৱশ্যে তেওঁক উদ্ধাৰ কৰি এখন চিকিৎসালয়লৈ লৈ যোৱা হয় য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
পুৰোহিতজনক অমিত শৰ্মা (৪৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ এটা ভাড়াঘৰত বাস কৰিছিল। দেওবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় সূত্ৰ অনুসৰি, যুৱকজন মা কালীৰ ভক্ত আছিল। তেওঁ প্ৰায়ে বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰলৈ প্ৰাৰ্থনা কৰিবলৈ গৈছিল। আৰক্ষীয়ে বুধবাৰে তেওঁৰ আত্মহত্যাৰ কথা প্ৰকাশ কৰে।
বাৰাণসীৰ এচিপি ঈশান চোনীয়ে কয়, “যুৱকজন মা কালীক দৰ্শন কৰিবলৈ সংকল্পবদ্ধ আছিল। কিন্তু তেওঁ দৰ্শন নাপাই আত্মহত্যা কৰে। তেওঁ নিজৰ ডিঙি কাটি আত্মহত্যা কৰে। তেওঁক এখন স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও তাত মৃত্যুবৰণ কৰে।
আনহাতে, ঘৰৰ মালিকে কয় যে তেওঁ যোৱা সাত বছৰ ধৰি ভাড়াত ঘৰটোত বাস কৰি আছিল। তেওঁ গোটেই দিনটো প্ৰাৰ্থনা কৰিছিল। কেতিয়াবা তেওঁ তীৰ্থযাত্ৰালৈ গৈছিল। কোনেও ভবা নাছিল যে তেওঁ এনেকুৱা কাম কৰিব।
স্থানীয় সূত্ৰ অনুসৰি, যুৱকজনে শনিবাৰে নিশা তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল আৰু দুৱাৰখন বন্ধ কৰিছিল। মা কালীৰ উপাসনা ভিতৰৰ পৰা কৰিছিল। তেওঁক দৰ্শনৰ বাবে দিনে-ৰাতিয়ে ‘তপস্যা’ কৰে। ২৪ ঘণ্টা ধৰি, তেওঁ মাত্ৰ ‘মা কালী, দৰ্শন দে’ বুলি কৈ আছিল। কিন্তু তেওঁৰ আশা পূৰণ হোৱা নাছিল।
ইফালে যুৱকজনে মা কালীৰ দৰ্শন নাপাই হতাশ হৈ আত্মহত্যা কৰাৰ সিদ্ধান্ত লয়। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।