যৌথ বাহিনীৰ সন্ত্ৰাসবাদী দমন অভিযানৰ সময়তে মাওবাদী (Maoist) গেৰিলা বাহিনীৰ ছত্তীশগড়ত (Chhattisgarh) প্ৰতিশোধ। বিজেপি নেতা এজনক ঘৰৰ পৰা টানি নি ফাঁচি দিয়ে (BJP leader hanged) মাওবাদীয়ে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বাহিনী আৰু আৰক্ষীক সতৰ্কবাণীৰে প্ৰচাৰ পত্ৰিকা বিলোৱা হয়। মঙলবাৰে গভীৰ নিশা বস্তাৰ সংমণ্ডলৰ বিজাপুৰ জিলা (Bijapur District)ত সংঘটিত হয় এই ঘটনা।
জিলা আৰক্ষীৰ এক বিবৃতি অনুসৰি, ফাৰছেগড় আৰক্ষী থানাৰ অন্তৰ্গত সোমনপল্লী গাঁৱত সংঘটিত হয় এই ঘটনা। নিহত বিজেপি নেতাজনৰ নাম কুদিয়াম মাধো (Kudiyam Madho) (৩৫)। বিজেপিৰ জিলা কৃষক সংগঠনৰ উপ-সভাপতি আছিল জনজাতীয় নেতাগৰাকী। হত্যাকাণ্ডৰ পিছত বিতৰণ কৰা প্ৰচাৰ পত্ৰিকাত মাওবাদীয়ে মাধো আৰক্ষীৰ চোৰাংচোৱা বুলি উল্লেখ কৰি সেইবাবেই এই শাস্তি দিয়া বুলি উল্লেখ কৰে।
উল্লেখ্য যে চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ সময়ত বস্তাৰৰ নাৰায়ণপুৰ জিলাত বিজেপিৰ শক্তিকেন্দ্ৰৰ সহ-আয়োজক পঞ্চমদাস মণিকপুৰীক ঘৰৰ পৰা টানি নি মাওবাদীয়ে ঘপিয়াই হত্যা কৰিছিল। যোৱা বছৰ নাৰায়ণপুৰত বিজেপিৰ জিলা সভাপতি সাগৰ চাহুক গুলীয়াই হত্যা কৰিছিল। ছত্তীশগড়ৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেতা মহেশ গাগড়াই বুধবাৰে কয় যে এইবাৰ নিষিদ্ধ সংগঠন চিপিআই-মাওবাদী ‘পিপলছ লিবাৰেচন গেৰিলা আৰ্মী’ৰ সশস্ত্ৰ শাখাই কমেও ৬০ জন গাঁৱৰ লোকক হত্যা কৰিছে।