যোৱা ৬ ডিচেম্বৰত বোকাখাতৰ সমজিলা (Bokakhat’s Samajila) আয়ুক্ত শিৱানী জের্ণগলে (Commissioner Shivani Jerngle) মৰিধনশিৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত অগৰাতলি পানীযোগান আঁচনি (Agratali Water Supply Scheme) এডপ্ট কৰাৰ লগতে উক্ত আঁচনি পৰিদৰ্শন (Inspection of the said scheme) কৰি ৫ ষ্টাৰ ডবলিউ ইউ চি-ৰ বাবে প্রাৰম্ভিক মূল্যাংকন কৰে। উল্লেখযোগ্য যে জল জীৱন অভিযানৰ দ্বাৰা ৰূপায়ন হোৱা গ্ৰাম্য পানী যোগান আঁচনিসমূহ সঠিকভাৱে কাৰ্য্যক্ষম হৈ আছেনে নাই নিশ্চিত কৰাৰ উদ্দেশ্যে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জিলা প্রশাসনৰ বিভিন্ন জ্যেষ্ঠ বিষয়াসকলক বিভিন্ন নলযুক্ত পানী যোগান আঁচনিক এডপ্ট কৰাৰ লগতে মূল্যাংকন কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে।
এনেধৰণৰ সামূহিক প্রচেষ্টাসমূহে ভৱিষ্যতে পানী ব্যৱহাৰকাৰী সমিতিসমূহক (WUC) সঠিকভাৱে কাম কৰি যোৱাত সহায় কৰাৰ লগতে নল যোগে বিশুদ্ধ পানী যোগান আঁচনিসমূহ বহনক্ষম হোৱাটো নিশ্চিত কৰিব।
উল্লেখ থাকে যে এই প্ৰচেষ্টাৰ অংশ হিচাপে যোৱা ৪ ডিচেম্বৰত বোকাখাতৰ চক্ৰ বিষয়া দেৱাহুতি ডেকাই কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত মধুপুৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বোকাখাতৰ সমজিলা আয়ুক্ত আৰু চক্ৰ বিষয়াই পানী ব্যৱহাৰকাৰী সমিতি, জলমিত্র আৰু উপস্থিত ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ কৰণীয় কামসমূহৰ বিষয়ে দিহা পৰামৰ্শ আগবঢ়ায়।