স্বামীৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ (Personal anger against husband) পূৰণৰ বাবে নিষ্ঠুৰতাৰে আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ (Using the law as a weapon) কৰা হৈছে। এই সন্দৰ্ভত আইনৰ অপব্যৱহাৰ সন্দৰ্ভত সকীয়াই দিয়ে উচ্চতম ন্যায়ালয়ে (Supreme Court)। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, ধাৰা ৪৯৮ (ক)ৰ (Section 498(a)) মূল উদ্দেশ্য হৈছে স্বামী আৰু শহুৰেকৰ ঘৰৰ নিষ্ঠুৰতাৰ পৰা নাৰীক ৰক্ষা কৰা। কিন্তু বিগত কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে বৈবাহিক বিসংগতিৰ ঘটনা বৃদ্ধি (Increase in the incidence of marital discord) পাইছে। একে সময়তে উচ্চতম ন্যায়ালয়ে অনুভৱ কৰিছে যে এই ধাৰাটোৰ অপব্যৱহাৰৰ ধাৰাও বৃদ্ধি পাইছে। উচ্চতম ন্যায়ালয়ৰ মতে, বহু ক্ষেত্ৰত আইনৰ এই ধাৰাটোক স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে থকা ‘ব্যক্তিগত ক্ষোভ’ পূৰণৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।
বৈবাহিক সম্পৰ্কত নাৰীক সুৰক্ষা প্ৰদানৰ বাবে এই আইন প্ৰণয়ন কৰা হৈছে। ইয়াক ‘ব্যক্তিগত অভিযোগ’ পূৰণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। মঙলবাৰে এক গোচৰৰ শুনানিত এই কথা উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে ক্ষেত্ৰত কোনো প্ৰমাণ অবিহনে পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰি।
ইয়াৰ পূৰ্বে এই গোচৰটো তেলেংগানা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছিল। পত্নীৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল স্বামীয়ে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ প্ৰতি অভিযোগ উত্থাপন কৰে। পত্নীয়ে দাখিল কৰা গোচৰ খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপে স্বামীয়ে। কিন্তু উচ্চ ন্যায়ালয়ে এই গোচৰ খাৰিজ নকৰিলে। ইয়াৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ এন কোতিশ্বৰ সিঙৰ বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে।
ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৮৬ আৰু পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (ক) ধাৰাত শহুৰেকৰ সৈতে বিবাহিত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছিল। আইনৰ এই ধাৰাত অভিযুক্তক দোষী সাব্যস্ত হ’লে তিনি বছৰ বা তাতকৈ অধিক কাৰাদণ্ড হ’ব পাৰে। জৰিমনাও আৰোপ কৰিব পাৰে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ এনে এটা সময়ত আহিছে, যিসময়ত বাংগালুৰুৰ আই টি কোম্পানীত কৰ্মৰত এজন যুৱকৰ আত্মহত্যাক লৈ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰিয়াল আদালতে তেওঁৰ বিৰুদ্ধে বৈবাহিক বিবাদৰ গোচৰত ৰায়দান কৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে। তাৰ লগতে ২৪ পৃষ্ঠাৰ এখন ছুইচাইড নোট পোৱা যায়। লগতে উদ্ধাৰ কৰা হৈছে এখন প্লেকাৰ্ড। তাত লিখা আছিল, “বিচাৰ এতিয়াও বাকী আছে”। যুৱকজনৰ বিৰুদ্ধে ইটোৰ পিছত সিটো মিছা গোচৰ ৰুজু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।