ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Domestic violence : স্বামীৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ পূৰণত আইনৰ অপব্যৱহাৰ বৃদ্ধি, উচ্চতম ন্যায়ালয়

নিউজ ডেস্কঃ

News Desk by News Desk
December 11, 2024
Reading Time: 1 min read
A A
0
Domestic violence : স্বামীৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ পূৰণত আইনৰ অপব্যৱহাৰ বৃদ্ধি, উচ্চতম ন্যায়ালয়

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

স্বামীৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ (Personal anger against husband) পূৰণৰ বাবে নিষ্ঠুৰতাৰে আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ (Using the law as a weapon) কৰা হৈছে। এই সন্দৰ্ভত আইনৰ অপব্যৱহাৰ সন্দৰ্ভত সকীয়াই দিয়ে উচ্চতম ন্যায়ালয়ে (Supreme Court)। উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ, ধাৰা ৪৯৮ (ক)ৰ (Section 498(a)) মূল উদ্দেশ্য হৈছে স্বামী আৰু শহুৰেকৰ ঘৰৰ নিষ্ঠুৰতাৰ পৰা নাৰীক ৰক্ষা কৰা। কিন্তু বিগত কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে বৈবাহিক বিসংগতিৰ ঘটনা বৃদ্ধি (Increase in the incidence of marital discord) পাইছে। একে সময়তে উচ্চতম ন্যায়ালয়ে অনুভৱ কৰিছে যে এই ধাৰাটোৰ অপব্যৱহাৰৰ ধাৰাও বৃদ্ধি পাইছে। উচ্চতম ন্যায়ালয়ৰ মতে, বহু ক্ষেত্ৰত আইনৰ এই ধাৰাটোক স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে থকা ‘ব্যক্তিগত ক্ষোভ’ পূৰণৰ বাবে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছে।

বৈবাহিক সম্পৰ্কত নাৰীক সুৰক্ষা প্ৰদানৰ বাবে এই আইন প্ৰণয়ন কৰা হৈছে। ইয়াক ‘ব্যক্তিগত অভিযোগ’ পূৰণৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰি। মঙলবাৰে এক গোচৰৰ শুনানিত এই কথা উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে এনে ক্ষেত্ৰত কোনো প্ৰমাণ অবিহনে পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰি।

use | ASSAM TIMES POST
স্বামীৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ পূৰণত আইনৰ অপব্যৱহাৰ বৃদ্ধি, উচ্চতম ন্যায়ালয়

ইয়াৰ পূৰ্বে এই গোচৰটো তেলেংগানা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছিল। পত্নীৰ পৰা বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছিল স্বামীয়ে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে স্বামী আৰু শহুৰেকৰ বিৰুদ্ধে নিষ্ঠুৰতাৰ প্ৰতি অভিযোগ উত্থাপন কৰে। পত্নীয়ে দাখিল কৰা গোচৰ খাৰিজ কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কাষ চাপে স্বামীয়ে। কিন্তু উচ্চ ন্যায়ালয়ে এই গোচৰ খাৰিজ নকৰিলে। ইয়াৰ পিছত তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন জনায়। মঙলবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে ন্যায়াধীশ বি ভি নাগাৰত্ন আৰু ন্যায়াধীশ এন কোতিশ্বৰ সিঙৰ বিচাৰপীঠে। উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে দাখিল কৰা গোচৰ খাৰিজ কৰে।

ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৮৬ আৰু পূৰ্বৰ ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (ক) ধাৰাত শহুৰেকৰ সৈতে বিবাহিত মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰা হৈছিল। আইনৰ এই ধাৰাত অভিযুক্তক দোষী সাব্যস্ত হ’লে তিনি বছৰ বা তাতকৈ অধিক কাৰাদণ্ড হ’ব পাৰে। জৰিমনাও আৰোপ কৰিব পাৰে।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ এই পৰ্যবেক্ষণ এনে এটা সময়ত আহিছে, যিসময়ত বাংগালুৰুৰ আই টি কোম্পানীত কৰ্মৰত এজন যুৱকৰ আত্মহত্যাক লৈ দেশত চাঞ্চল্যৰ সৃষ্টি হৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ পৰিয়াল আদালতে তেওঁৰ বিৰুদ্ধে বৈবাহিক বিবাদৰ গোচৰত ৰায়দান কৰিছে। ইয়াৰ পিছতে আৰক্ষীয়ে যুৱকজনৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ কৰে। তাৰ লগতে ২৪ পৃষ্ঠাৰ এখন ছুইচাইড নোট পোৱা যায়। লগতে উদ্ধাৰ কৰা হৈছে এখন প্লেকাৰ্ড। তাত লিখা আছিল, “বিচাৰ এতিয়াও বাকী আছে”। যুৱকজনৰ বিৰুদ্ধে ইটোৰ পিছত সিটো মিছা গোচৰ ৰুজু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: DomesticViolenceLawMisuseLawআইনৰঅপব্যৱহা
Share5Tweet3Send

Related Posts

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ
National-International

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

by News Desk
January 13, 2026
52
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি
National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

by News Desk
January 13, 2026
52
Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান
National-International

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

by News Desk
January 13, 2026
56
Delhi cold wave : দিল্লী, গুৰুগ্ৰামৰ ঠাণ্ডাই অতিক্ৰম কৰিলে চিমলাক, ৰাজধানীত তাপমাত্ৰা ৩ ডিগ্ৰী, হাৰিয়ানাত ০
National-International

Delhi cold wave : দিল্লী, গুৰুগ্ৰামৰ ঠাণ্ডাই অতিক্ৰম কৰিলে চিমলাক, ৰাজধানীত তাপমাত্ৰা ৩ ডিগ্ৰী, হাৰিয়ানাত ০

by News Desk
January 13, 2026
53
Gen Z : জেন জেডৰ সৃষ্টিশীলতাত প্ৰভাৱিত প্ৰধানমন্ত্ৰী “তেওঁলোকৰ ধাৰণাই ভাৰতক আগুৱাই যোৱাত সহায় কৰিব”
National-International

Gen Z : জেন জেডৰ সৃষ্টিশীলতাত প্ৰভাৱিত প্ৰধানমন্ত্ৰী “তেওঁলোকৰ ধাৰণাই ভাৰতক আগুৱাই যোৱাত সহায় কৰিব”

by News Desk
January 13, 2026
57
Iran crisis I  ইৰাণ এৰিবলৈ নিজৰ দেশৰ নাগৰিকক নিৰ্দেশ আমেৰিকাৰ
National-International

Iran crisis I  ইৰাণ এৰিবলৈ নিজৰ দেশৰ নাগৰিকক নিৰ্দেশ আমেৰিকাৰ

by Staff Reporter
January 13, 2026
52
ADVERTISEMENT
Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ
National-International

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
52
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২
KARBI ANGLONG

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
58
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি
National-International

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026
52
Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান
National-International

Operation Gang Bust : ৪৮ ঘণ্টাত ২৮০ গেংষ্টাৰকে ধৰি ৮৫৪ জনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ, ৪ হাজাৰ গোপন শিবিৰত অভিযান

January 13, 2026
56
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

Dog bite : পথৰ Dog bite!, সতৰ্কবাণী জাৰি উচ্চতম ন্যায়ালয়ৰ

January 13, 2026
Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

Road Accident : খটখটীত পথ দুৰ্ঘটনাত আহত ২

January 13, 2026
Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

Increase in fish production in India : ভাৰতত মাছ উৎপাদন বৃদ্ধি

January 13, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13893) BREAKING NEWS (6491) Business (34) crime (25) cultural (5) Digital Transformation (3) Dima Hasao (1) DIPHU (4) Economy (99) Editorial (17) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3537) Lifestyle (24) literature (16) Music (1) National-International (11293) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (500) Stories (16) Tech (14) Technology (2) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d