বাৰাণসী ৰে’ল ষ্টেচনৰ (Varanasi Fire) পাৰ্কিং লটত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডত কমেও ২০০ খন দুচকীয়া বাহন জ্বলি ছাই হৈ যায়। ঘটনাটো শনিবাৰে পুৱতি নিশা সংঘটিত হয়। অগ্নিকাণ্ডৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈ পৰিছে।
তাত দেখা গৈছে যে দপদপকৈ জুই জ্বলিছে। আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ চেষ্টা কৰি আছে। এটা ভিডিঅ’ত আৰক্ষী কৰ্মীসকলে হোচ পাইপেৰে পানী ছটিয়াই জুই নুমুৱাবলৈ চেষ্টা কৰা দেখা গৈছে। ক’লা ধোঁৱাই গোটেই ষ্টেচনটো আৱৰি ধৰিছে।
অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ১২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয়। ঘটনাস্থলীত স্থানীয় আৰক্ষী, আৰ পি এফ আৰু জি আৰ পিও উপস্থিত হয়।
অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰাথমিক অনুমান অনুসৰি, এই অগ্নিকাণ্ড শ্বৰ্ট চাৰ্কিটৰ ফলত হৈছে।
অৱশ্যে ৰে’ল চলাচল ব্যাহত হোৱা নাই। খবৰ অনুসৰি, ৰে’ল কৰ্মচাৰীসকলে ৰখাই থোৱা দুচকীয়া বাহনবোৰ জ্বলি ছাই হৈ যায়। জুই নুমুৱাবলৈ প্ৰায় দুই ঘণ্টা সময় লাগে। ৰে’লৱেই প্ৰকাশ কৰা অনুসৰি, ঘটনাটোত এক বৃহৎ আৰ্থিক ক্ষতি হৈছে।