বেংগালুৰু আৰক্ষীয়ে প্ৰেমিকাক হত্যা (Bengaluru Murdered) কৰাৰ অভিযোগত অভিযুক্তক গ্ৰেপ্তাৰ কৰে। তেওঁক কৰ্ণাটকৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তজনক আৰৱ হাৰ্নি বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য যে কিছুদিন পূৰ্বে অসমৰ মায়া গগৈ নামৰ যুৱতী এগৰাকী বেংগালুৰুত হত্যাৰ বলি হয়। তেওঁ পেছাত এগৰাকী ভ্লগাৰ আছিল। তেওঁ সামাজিক মাধ্যমৰ জৰিয়তে আৰৱ হাৰ্নিক লগ পাইছিল। ১৯ বছৰীয়া যুৱতীগৰাকীয়ে কৰ্মসূত্ৰে বেংগালুৰুত বাস কৰিছিল। ঘটনাৰ দিনা তেওঁ যুৱকজনৰ সৈতে বেংগালুৰুৰ এখন হোটেললৈ গৈছিল। তিনিদিন পিছত তেওঁৰ মৃতদেহ তাত উদ্ধাৰ কৰা হয়। সেই সময়ত তেওঁৰ সংগীৰ সন্ধান পোৱা যোৱা নাছিল।
ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে আহি হোটেলখনৰ চিচিটিভি পৰীক্ষা কৰে। তাত ধৰা পৰে যে ২৩ নৱেম্বৰত দুয়ো একেলগে হাঁহি হাঁহি হোটেলখনত প্ৰৱেশ কৰিছিল। তাৰ পিছত তেওঁলোক তাত তিনিদিন থাকে। প্ৰথমতে আৰক্ষীয়ে সন্দেহ কৰিছিল যে যুৱকজনে সোমবাৰে তেওঁৰ প্ৰেমিকাক চুৰিৰে হত্যা কৰিছিল।
যুৱকজন গোটেই দিনটো কোঠাটোত আছিল। তাৰ পিছত তেওঁ মঙলবাৰে পুৱা হোটেলখনৰ পৰা ওলাই যায়। হোটেলৰ কোঠাত থকা গাৰু আৰু কম্বলৰ পৰা তেজৰ দাগ উদ্ধাৰ কৰা হয়। অনুসন্ধান আগবাঢ়ি যোৱাৰ লগে লগে ন ন তথ্য প্ৰকাশ পায়।
তেওঁক চুৰিৰে আঘাত কৰি হত্যা কৰাৰ পিছত যুৱকজনে এদিন নহয়, প্ৰেমিকাৰ শৰীৰৰ সৈতে দুদিন অতিবাহিত কৰিছিল। তেওঁ মৃতদেহৰ সন্মুখত এটাৰ পিছত এটা চিগাৰেট সেৱন কৰিছিল। তাৰ পিছত যুৱকজনে মূৰ ঠাণ্ডা কৰি বাহিৰলৈ গৈছিল আৰু কিছুদূৰ গৈ ফোনটো অফ কৰি দিয়ে।
হোটেলৰ কৰ্মচাৰীসকলে আৰক্ষীক কয় যে ২৩ ৰ পৰা ২৬ নৱেম্বৰৰ ভিতৰত আন কোনো কোঠাটোলৈ অহা নাছিল। ২৬ তাৰিখৰ পুৱা হোটেলৰ কৰ্মচাৰীসকলে হোটেলৰ কোঠাৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে আৰক্ষীক অৱগত কৰে।
আৰক্ষীয়ে তেতিয়া তদন্ত আৰম্ভ কৰে। তেওঁলোক দুটা গোটত বিভক্ত হৈ অনুসন্ধান আৰম্ভ কৰে। অৱশেষত অভিযুক্ত আৰক্ষীৰ জালত পৰে। আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছে।