অসমৰ পৰ্যটন খণ্ড (Assam’s Tourism Sector)ত বিশেষ অৰিহণা যোগোৱা শিৱসাগৰৰ ৰংঘৰ (Shivsagar Rangghar)লৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পুঁজি (Central Government Special Fund)। এই পুঁজিৰ অধীনত ৰংঘৰৰ বিকাশ আৰু প্ৰচাৰ কৰা হ’ব। দেশৰ যিবোৰ পৰ্যটনস্থলীয়ে এতিয়ালৈকে বিশেষ প্ৰসাৰ বা প্ৰচাৰ লাভ কৰা নাই সেইবোৰক ‘আইকনিক ছাইট’ (Iconic Site) হিচাপে বিকশিত কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপত অন্তৰ্ভুক্ত হৈছে ৰংঘৰ।
উল্লেখ্য যে দেশৰ প্ৰায় ২৩ খন ৰাজ্যৰ এনেধৰণৰ ৪০টা প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩,২৯৫ কোটি টকাৰ পুঁজি আৱণ্টন কৰিছে। ব্যয় বিভাগৰ নিৰ্দেশনা অনুসৰি পৰ্যটন মন্ত্ৰালয়ে প্ৰতিষ্ঠিত পৰ্যটন কেন্দ্ৰসমূহৰ বিকাশৰ বাবে ৰাজ্য-কেন্দ্ৰীয় মূলধন বিনিয়োগৰ বাবে এই বিশেষ সাহাষ্য কাৰ্যকৰীকৰণৰ নিৰ্দেশনা জাৰি কৰিছে।
এই আঁচনিৰ অধীনত প্ৰকল্পৰ প্ৰস্তাৱ দাখিলৰ অন্তিম তাৰিখ ১৫ অক্টোবৰলৈ মুঠ ৮৭টা প্ৰকল্পৰ প্ৰস্তাৱ লাভ কৰিছে। ইয়াৰ ব্যয় প্ৰায় ৮,০০০ কোটি। আনহাতে, ইয়াৰ উপৰি পৰ্যটন মন্ত্ৰালয়ে নিৰ্দেশনা অনুসৰি নিৰ্দিষ্ট প্ৰক্ৰিয়া আৰু চৰ্তত ২৩ খন ৰাজ্যৰ ৪০টা প্ৰকল্পৰ বাবে ৩২৯৫.৭৬ কোটি টকা অনুমোদন জনাইছে।
এই প্ৰকল্পৰ বাবে নিৰ্বাচিত কেইখনমান উল্লেখযোগ্য পৰ্যটনস্থলী হৈছে শিৱসাগৰৰ ৰংঘৰ, বিহাৰৰ চহৰচাৰ মৎস্যগন্ধা হ্ৰদ, গোৱাৰ পোৰভোৰিমৰ প্ৰস্তাৱিত টাউন স্কোৱেৰ আৰু মধ্য প্ৰদেশৰ অৰ্ছা। এই আঁচনিৰ অধীনত ৰাজ্যসমূহক ৫০ বছৰৰ বাবে সুতবিহীন ঋণ প্ৰদান কৰাৰ লগতে উক্ত পৰ্যটনস্থলীসমূহক বিশ্বজুৰি ব্ৰেণ্ডিং তথা প্ৰচাৰ কৰা হ’ব। আনহাতে, ৰাজ্যসমূহক এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ সময়সীমা দুবছৰ বান্ধি দিয়া হৈছে আৰু ইয়াৰ বাবে পুঁজি ২০২৬ চনৰ মাৰ্চ মাহৰ পূৰ্বে মুকলি কৰা হ’ব বুলি মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ।