উত্তৰ প্ৰদেশৰ সম্ভল (Uttar Pradesh’s Sambhal)ৰ শ্বাহী জামা মছজিদ (Shahi Jama Masjid)ৰ জৰীপ সন্দৰ্ভত (Survey References) আৰু কোনো নিৰ্দেশ জাৰি কৰিব নোৱাৰিব (No order can be issued) স্থানীয় নিম্ন আদালতে (Local lower court)। শুকুৰবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰৰ বিচাৰপীঠে এই নিৰ্দেশ গৃহীত কৰে। লগতে উচ্চতম ন্যায়ালয়ে (Supreme Court) কয় যে অহা ৬ জানুৱাৰীলৈকে মছজিদ চৌহদত কোনো ধৰণৰ জৰীপৰ কাম কৰা নহ’ব।
দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে কয়, উক্ত সময়সীমাৰ ভিতৰত মছজিদ সমিতিয়ে এই সন্দৰ্ভত এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব লাগে আৰু উচ্চ ন্যায়ালয়ে জৰীপ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিব লাগে। উচ্চতম ন্যায়ালয়ে ইতিমধ্যে বন্ধ খামত জৰীপ দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে, উত্তৰ প্ৰদেশৰ মথুৰাত শ্বাহী ঈদগাহ-শ্ৰীকৃষ্ণ জন্মভূমিৰ ভূমি বিবাদকে ধৰি ধৰ্মস্থানৰ সৈতে জড়িত ১৯টা গোচৰৰ শুনানি অহা ৯ ডিচেম্বৰৰ বিয়লি ২ বজাত হ’ব বুলি দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে ঘোষণা কৰিছে।
উল্লেখ্য যে সম্ভল স্থানীয় আদালতত এটা গোচৰত দাবী কৰা হৈছিল যে তাত থকা শ্বাহী মছজিদটো মোগল সম্ৰাট বাবৰৰ দিনত হৰিহৰ মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল। ১৯ নৱেম্বৰত গোচৰ ৰুজু হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে নিম্ন ন্যায়ালয়ৰ ন্যায়াধীশ আদিত্য গোস্বামীয়ে আয়ুক্ত নিযুক্তি দি সেইদিনা মছজিদটোৰ জৰীপ কৰাৰ নিৰ্দেশ দিয়ে। যোৱা শনিবাৰে কোট গাৰ্ভি অঞ্চলত প্ৰথমদিনাই জৰীপ চলোৱা হৈছিল।
কিন্তু ইয়াৰ পিছত যোৱা দেওবাৰে (২৪ নৱেম্বৰ) দ্বিতীয়টো জৰীপৰ সময়ত উত্তেজনাৰ সৃষ্টি হয়। ৫জন লোকৰ মৃত্যু হয়। আৰক্ষীৰ গুলীচালনাৰ বাবেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে। উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে সম্ভলত আদালতৰ নিৰ্দেশক কেন্দ্ৰ কৰি সংঘটিত হোৱা অশান্তি আৰু মৃত্যুৰ তদন্তৰ বাবে তিনিজনীয়া এখন কমিটী গঠন কৰিছে। লক্ষ্ণৌৰ ৰাজভৱনৰ এক বিবৃতিত কোৱা হৈছে যে তদন্ত সমিতিৰ নেতৃত্বত থাকিব অৱসৰপ্ৰাপ্ত ন্যায়াধীশ দেৱেন্দ্ৰ কুমাৰ অৰোৰা।