২২ জানুৱাৰীত অয়োধ্যাৰ ৰামমন্দিৰ (Ayodhya’s Rammandir)ত ৰামলালাৰ মূৰ্তিৰ (Idol of Ramlala) ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ প্ৰথম বাৰ্ষিকী (First Anniversary)। অৱশ্যে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে জনাইছে যে ২০২৫ চনৰ নিৰ্দিষ্ট দিনটোত প্ৰাণ প্ৰতিষ্ঠাৰ বাৰ্ষিকী উদযাপন কৰা নহয়। ইয়াৰ পৰিৱৰ্তে অনুষ্ঠানটো ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব।
ট্ৰাষ্টৰ বিষয়াসকলে সোমবাৰে এক বৈঠক অনুষ্ঠিত কৰাৰ পিছত এই সিদ্ধান্ত লয়। হিন্দু উৎসৱ উদযাপনৰ পৰম্পৰা বজাই ৰাখি হিন্দু বৰ্ষপঞ্জী (পাঞ্চাং) অনুসৰি, ভগৱান শ্ৰীৰামলালাৰ জীৱনৰ বাৰ্ষিকী প্ৰতিবছৰে পুহৰ শুক্লা দ্বাদশী বা কুৰ্মা দ্বাদশীত উদযাপন কৰা হ’ব। ইংৰাজী কেলেণ্ডাৰ অনুসৰিসেই দিনটো হৈছে ২০২৫ চনৰ ১১ জানুৱাৰী। গতিকে সেইদিনা বাৰ্ষিকী উদযাপন কৰা হ’ব।
ট্ৰাষ্টৰ উক্ত সভাত আন কেইবাটাও সিদ্ধান্ত লোৱা হয়। দিল্লীৰ এপ’লো চিকিৎসালয়ে মন্দিৰ চৌহদত ৩,০০০ বৰ্গ মিটাৰৰ এখন উন্নতমানৰ চিকিৎসালয় নিৰ্মাণ কৰিব। মন্দিৰৰ দক্ষিণত এটা ৫০০ খন আসনৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব। মন্দিৰলৈ অহা ভক্তসকলৰ বাবে ৯ মিটাৰ বহল আৰু ৬০০ মিটাৰ দীঘল এটা স্থায়ী ছাউনি নিৰ্মাণ কৰা হ’ব। সপ্তমণ্ডল মন্দিৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। আনহাতে, মন্দিৰৰ ভিতৰৰ কাম আগষ্টৰ ভিতৰত আৰু বাহিৰৰ কাম অহা বছৰ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ’ব । ট্ৰাষ্টে ছ’চিয়েল মিডিয়াযোগে এই কথা ঘোষণা কৰে।
উল্লেখ্য যে মন্দিৰটো সম্পূৰ্ণ কৰাৰ সময়সীমা হৈছে ২০২৫ চনৰ জুন। অৱশ্যে নিৰ্মাণকাৰ্যৰ বাবে গঠন কৰা সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰ উক্ত সময়সীমাৰ ভিতৰত সেই কাম সম্পূৰ্ণ হ’বনে নহয় সেই বিষয়ত নিশ্চিত নহয়। তেওঁ কয় যে মন্দিৰৰ কাম জুনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই। কেঁচা সামগ্ৰী আৰু কৰ্মচাৰীৰ গুণমান পৰীক্ষা কৰাত পলম হয়। মন্দিৰটো ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হৈছিল। মন্দিৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে। সেইদিনা মোডীয়ে ৰামলালাৰ ‘প্ৰাণ প্ৰতিষ্ঠা’ কৰে।