বুধবাৰে গোলাঘাট জিলাৰ নুমলীগড়স্থিত ঐতিহাসিক দেওপাহাৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma)। লগতে দেওপাহাৰৰ শৃংগত থকা প্ৰচীন মন্দিৰত পূজা-অৰ্চনাও কৰে মুখ্যমন্ত্ৰীয়ে। পৰিদৰ্শনকালত তেওঁ দেওপাহাৰ বিভিন্ন পুৰাতাত্ত্বিক সমল আৰু ভগ্নাৱশেষসমূহৰ সংৰক্ষণৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে৷

আনহাতে, দেওপাহাৰক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে দেওপাহাৰৰ বিষয়ে আগতে কাৰোবাৰ মুখত শুনিছিল যদিও তেওঁ দেওপাহাৰত ইমান ডাঙৰ সম্পদ লুকাই থকা বুলি নিজে অনুমান কৰিব পৰা নাছিল।
দেওপাহাৰত অষ্টম-নৱম শতিকাৰ সম্পদ থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত যে ইমান বছৰ পূৰ্বৰ প্ৰত্নতাত্ত্বিক সম্পদ আছে সেইটো ইয়াৰ সম্পদসমূহৰ পৰাই জানিব পৰা যায়। তেওঁ লগতে কয় যে এইটো আমাৰ বাবে দুৰ্ভাগ্যৰ কথা যে কাজিৰঙালৈ আহোঁ, কিন্তু অসমত থাকি দেওপাহাৰলৈ নাহো।
দেওপাহাৰৰ বিষয়ে অধিক প্ৰচাৰৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাজিৰঙা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকসকলে নাজানে যে ইয়াত কিমান পুৰাতাত্ত্বিক সমল আছে। সেয়ে তেওঁ মন্ত্ৰী অতুল বৰাৰ সৈতে আলোচনা কৰি এই দেওপাহাৰক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ লগতে সম্পদসমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হ’ব।
এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীক সংগ দিয়ে কৃষি মন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, মন্ত্ৰী জয়ন্তমল্ল বৰুৱাকে ধৰি বিভাগীয় বিষয়াসকলে।