প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত, দলীয় বিসম্বাদ, পৰৱৰ্তী সময়ত জিলা সভাপতি-সাধাৰণ সম্পাদককে ধৰি দলীয় নেতা-কৰ্মীৰ পদত্যাগৰ পিছতো বঙাইগাঁৱত যে অবিসম্বাদী সম্ৰাট ফণীভূষণ চৌধুৰী সেইটো পুনৰবাৰ প্ৰমাণিত হ’ল। কিয়নো প্ৰায় আঠটা কাৰ্যকালৰ বাবে বঙাইগাঁও বিধানসভা সমষ্টি (Bongaigaon Assembly constituency) নিজৰ দখলত ৰাখি ফণীভূষণ চৌধুৰীয়ে অসমৰ ৰাজনৈতিক ইতিহাসত অভিলেখ সৃষ্টি কৰি সাংসদৰূপে নিৰ্বাচিত হোৱাৰ পিছত সমষ্টিটোত অনুষ্ঠিত উপ-নিৰ্বাচনত তেওঁৰ পত্নীয়ে জয়লাভ কৰে।
অসমত বিজেপি মিত্ৰজোঁট এন ডি এৰ প্ৰাৰ্থী হিচাপে অগপৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা দিপ্তীময়ী চৌধুৰী (Diptimoyee Chowdhury)য়ে অগপৰ বঙাইগাঁও দুৰ্গ অক্ষত (AGP’s Bongaigaon fort intact ) ৰাখে। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী ব্ৰজেনজিৎ সিংহক ৩৫,১৬৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয়। সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দিপ্তীময়ী চৌধুৰীয়ে ৭৪,৭৩৪টা ভোট লাভ কৰাৰ বিপৰীতে আৰক্ষীৰ পৰা ৰাজনীতিবিদ হোৱা সিংহই ৩৯,৫৭০ টা ভোট লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগে লগে এন ডি এয়ে উপ-নিৰ্বাচনত আন এক সফলতা লাভ কৰে।