বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অংশীদাৰ ইউপিপিএল (UPPL)ৰ দখলত ছিদলী বিধানসভা (Sidli Vidhan Sabha) সমষ্টি৷ উপ-নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম (UPPL candidate Nirmal Kumar Brahma)ই নিকটতম প্ৰতিদ্বন্দী বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰীক ৩৬,৫৮৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে।

নিৰ্মল কুমাৰ ব্ৰহ্মই ৯৫,২৪৯ টা ভোট লাভ কৰাৰ বিপৰীতে শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৫৮,৬৬০ টা ভোট লাভেৰে দ্বিতীয় স্থানতে সন্তুষ্ট থাকিবলগা হয়।