৫০০ টকীয়া এখন জালনোট (Fake Note)। দেখিবলৈ প্ৰকৃত নোটৰ দৰে হুবহু একেই। আচলনে নকল ধৰিবই নোৱাৰি। সেই জালনোট বনোৱা এটা ৰেকেট পৰিছে আৰক্ষীৰ জালত। পেছাত তেওঁলোকে মিনাৰেল ৱাটাৰৰ বিজ্ঞাপন ছপা কৰে। কিন্তু তাৰ আঁৰত গোপনে চলাই আছিল জালনোট চপোৱাৰ কাম। উত্তৰ প্ৰদেশত আৰক্ষীৰ জালত এই চক্ৰ।
সোণভদ্ৰ জিলাত জালনোটৰ ৰেকেট চলোৱা দুজন লোক গ্ৰেপ্তাৰ হয়। নাম সতীশ ৰায় আৰু প্ৰমোদ মিশ্ৰ। আৰক্ষীৰ তথ্য অনুসৰি, এই দুষ্কৃতিকাৰীয়ে কম্পিউটাৰ প্ৰিণ্টাৰত ১০ টকীয়া ষ্টাম্প পেপাৰত ৫০০ টকীয়া জালনোট ছপা কৰিছিল। জেৰাত তেওঁলোকে স্বীকাৰ কৰে যে ষ্টাম্প পেপাৰ মিৰ্জাপুৰৰ পৰা ক্ৰয় কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই ১০ হাজাৰ টকাৰ বস্তু কিনিবলৈ অঞ্চলটোৰ ৰামগড় বজাৰলৈ গৈছিল। কিন্তু তেওঁলোকে পৰিশোধ কৰা নোটৰ আটাইকেইখনতে ক্ৰমিক নম্বৰ একেই আছিল। সেয়া চাই আৰক্ষীৰ সন্দেহত ওপজাত গ্ৰেপ্তাৰ কৰা হয় দুয়োকে।
অতিৰিক্ত আৰক্ষী অধীক্ষক কালু সিঙে জনোৱা মতে, মুঠ ২০ খন ৫০০ টকীয়া জালনোট উদ্ধাৰ কৰা হৈছে। টকাখিনি আচল টকাৰ দৰেই লাগিছিল। একো ধৰিব পৰা নাছিল। নোটৰ ক্ৰমিক নম্বৰটো ভালকৈ নাচালে একো ধৰিবই নোৱাৰি। আৰক্ষীৰ জেৰাৰ সময়ত ইউটিউব চাই এই জালনোট বনোৱাৰ বিষয়ে জানিব পৰা বুলি জানিবলৈ দিয়ে।
জালনোটৰ উপৰি আৰক্ষীয়ে অভিযুক্তৰ পৰা এখন অল্ট’ গাড়ী, নোট ছপা কৰিবলৈ ব্যৱহৃত যন্ত্ৰপাতি, এটা লেপটপ, এটা প্ৰিণ্টাৰ আৰু ২৭ খন ষ্টাম্প পেপাৰ জব্দ কৰে। ইয়াৰ লগত আৰু কোনো লোক জড়িত আছে নেকি তাৰ তদন্ত অব্যাহত ৰাখিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে।