আৰু মাত্ৰ কেইটামান মুহূৰ্ত । তাৰ পিছত তেওঁ খুলি থব লাগিব ক’লা কোটটো, বহিবলৈ নাপাব মৰমৰ চকীখন, কলম উঠাই লিখিব নোৱাৰিব কোনো বিচাৰৰ ৰায়। কিয়নো তেওঁ অৱসৰ গ্ৰহণ কৰিব । তাৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে (DY Chandrachud) কয়, ‘ময়েই হয়তো আটাইতকৈ বেছি চৰ্চিত হৈছোঁ আৰু ট্ৰ’ল হৈছোঁ।’

ইয়াৰ পিছতে উৰ্দু কবি এজনৰ এটা শ্বায়েৰী মাতি কয়, “মুখলিফ চে মেৰী চকচিয়াত সাৱৰতী হায়, মে দুচমনো কা বৰা এহতেৰাম কৰতা হু।” অৰ্থ হৈছে প্ৰতিপক্ষই মোৰ ব্যক্তিত্ব বিকশিত কৰে। শত্ৰুৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে।
উল্লেখ্য, শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিদায় অনুষ্ঠান আছিল। উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ উদ্যোগত আয়োজিত হয় এই অনুষ্ঠান। অহা ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব চন্দ্ৰচূড়ে। কিন্তু শনিবাৰ আৰু দেওবাৰ বন্ধৰ দিন হোৱাৰ বাবে শুকুৰবাৰে আদালতত তেওঁৰ শেষ কৰ্মদিন আছিল।
বিদায় অনুষ্ঠানত ন্যায়াধীশ বি আৰ গভাই, পি কে মিশ্ৰ, চি টি ৰবিকুমাৰ, এম এম সুন্দ্ৰেশ, মনোজ মিশ্ৰ, এছ ভি এন ভট্টি, পি এছ নৰসিংহ, সন্দীপ মেহতা, দীপাংকৰ দত্ত, কে ভি বিশ্বনাথনৰ উপৰি এটৰ্নী জেনেৰেল আৰ ভেংকটাৰমণি আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতা আৰু জ্যেষ্ঠ সদস্যসকলো উপস্থিত থাকে।
অধিবক্তা কপিল ছিবালো উপস্থিত থাকে। মুখ্য ন্যায়াধীশক প্ৰশংসা কৰি কপিল ছিবালে কয়, ডি ৱাই চন্দ্ৰচূড় ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ন্যায়াধীশ।
উল্লেখ্য যে ডি ৱাই চন্দ্ৰচূড় আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ। তেওঁৰ পিতৃও উচ্চতম ন্যায়ালয়ৰ এগৰাকী মুখ্য ন্যায়াধীশ আছিল।
কাৰ্যকালৰ অন্তিম দিনটোতে তেওঁ পিতৃৰ কথাও উল্লেখ কৰি কয়, “দেউতাই কেনেদৰে কাম কৰিব লাগে শিকাইছিল। কেতিয়াবা ন্যায়াধীশৰ বহু সীমাবদ্ধতা থাকে। আদালতত যিমান গোচৰ আহে সকলোতে অন্যায়কাৰীক উপযুক্ত শাস্তি দিয়াটো সদায় সম্ভৱ নহয়। কিন্তু প্ৰতিজন ন্যায়াধীশে আপোচ নকৰিবলৈ চেষ্টা কৰা উচিত।”