১০ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে (DY Chandrachud)। কিন্তু তাৰ মাজত শনিবাৰ আৰু দেওবাৰ হোৱাৰ বাবে শুকুৰবাৰে অৱসৰৰ পূৰ্বে অন্তিমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ত তেওঁ গোচৰৰ শুনানি গ্ৰহণ কৰে। অন্তিমদিনা আদালত কক্ষত বহি থকা অৱস্থাত মুখ্য ন্যায়াধীশগৰাকী কিছু আৱেগিক হৈ পৰে। তেওঁ কয়, “কাইলৈৰ (শনিবাৰ) পৰা মই আৰু ন্যায় দিব নোৱাৰিম। কিন্তু মই সন্তুষ্ট!”
চন্দ্ৰচূড়ে ২০২২ চনৰ ৯ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ২০১৬ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে তেওঁ নিযুক্তি লাভ কৰিছিল।
৮ বছৰ ধৰি তেওঁ উচ্চতম ন্যায়ালয়ৰ বিভিন্ন বিচাৰপীঠত আছে। বহু গোচৰৰ শুনানি গ্ৰহণ কৰে। দেওবাৰে তেওঁৰ কাৰ্যকাল অন্ত পৰিব। কিন্তু বন্ধৰ দিন হোৱাৰ বাবে শুকুৰবাৰে শেষবাৰৰ বাবে নিজৰ কক্ষত বহে মুখ্য ন্যায়াধীশ।
চন্দ্ৰচূড়ৰ পিছতে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই। মুখ্য ন্যায়াধীশগৰাকীয়ে তেওঁৰ হাতত ন্যায়পালিকা নিৰাপদ বুলি বিশ্বাস কৰে। কেৱল সেয়াই নহয়, তেওঁক এজন যোগ্য নেতা বুলিও অভিহিত কৰে। ইয়াৰ পিছত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, “আদালতত যদি মই কাৰোবাক আঘাত দিছো তেন্তে মোক ক্ষমা কৰিব।”
মুখ্য ন্যায়াধীশগৰাকীৰ অৱসৰৰ পূর্বে বিদায়ী অনুষ্ঠানত অধিবক্তাসকলে অংশগ্রহণ কৰে৷ বহু ন্যায়াধীশো উপস্থিত থাকে। তেওঁৰ উত্তৰসূৰী ন্যায়াধীশ সঞ্জীৱ খান্নাও উপস্থিত থাকে। তেওঁ অনুশোচনাৰ সুৰত কয়, “মই কেতিয়াও ন্যায়াধীশ চন্দ্ৰচূড়ৰ আদালত কক্ষত উপস্থিত থাকিব নোৱাৰিলোঁ। কিন্তু তেওঁৰ কাৰ্যকালত যি কৰিছে সেয়া অতুলনীয়।”