পুৰুষ দৰ্জীয়ে (Male tailor) ল’ব নোৱাৰিব মহিলাৰ কাপোৰৰ জোখ (Measure of women’s clothes)। চেলুনৰ কোনো পুৰুষ কৰ্মচাৰী (Male employees)য়ে কাটিব নোৱাৰিব মহিলাৰ চুলিও (Women’s hair can’t be cut)। উত্তৰ প্ৰদেশ ৰাজ্যিক মহিলা আয়োগে (Uttar Pradesh State Commission for Women) নাৰীক বিভিন্ন অন্যায় আৰু হাৰাশাস্তি (injustice and harassment)ৰ পৰা ৰক্ষা কৰিবলৈ এনে প্ৰস্তাৱ আগবঢ়াইছে। যোৱা ২৮ অক্টোবৰত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কে ৰাজ্যিক মহিলা আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয়। এই প্ৰস্তাৱ তাত উত্থাপন কৰা হৈছে।
আয়োগৰ সদস্য হিমানী আগৰৱালাই সংবাদ সংস্থা পিটিআইক জনায়, “২৮ অক্টোবৰত এখন বৈঠক অনুষ্ঠিত হয়। উক্ত সভাত কোৱা হৈছিল যে মহিলা দৰ্জীয়েহে মহিলাৰ কাপোৰৰ জোখ ল’ব নোৱাৰিব। কেৱল সেয়াই নহয়, চিচিটিভি কেমেৰাও স্থাপন কৰিব লাগে। আয়োগৰ সদস্যসকলে তেওঁৰ এই প্ৰস্তাৱক আদৰণি জনায়।”
আগৰৱালাই লগতে কয়, “চেলুন বা পাৰ্লাৰত মহিলা গ্ৰাহকক কেৱল মহিলা কৰ্মচাৰীয়েহে সেৱা আগবঢ়াব। কোনো পুৰুষ কৰ্মচাৰী উক্ত সেৱাত নিয়োজিত হ’ব নোৱাৰে। এই প্ৰস্তাৱো ৰখা হৈছে। সকলোৱে ইয়াৰ বাবে সন্মতি দিছে।”
বহু ক্ষেত্ৰত মহিলাক আপত্তিজনকভাৱে স্পৰ্শ কৰাৰ চেষ্টাও কৰা হয়। অৱশ্যে সকলো পুৰুষৰ বেয়া উদ্দেশ্য নাথাকে বুলিও আগৰৱালাই কয়। সমগ্র বিষয়টো অৱশ্যে এতিয়া প্ৰস্তাৱৰ ৰূপত আছে। মহিলা আয়োগৰ এইগৰাকী সদস্যই এই প্রস্তাৱ ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা হ’ব বুলিও উল্লেখ কৰি আইনখন আনিবলৈ অনুৰোধ জনায়।