ড’নাল্ড ট্ৰাম্প (Donald Trump) পুনৰবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি (President of the United States) আসনত বহাৰ পিছতে বিশ্বজুৰি সোণৰ মূল্য কিছু ক্ষতিগ্ৰস্ত (Gold prices suffered slightly) হোৱা বুলি জনোৱা হৈছে। আনহাতে, ভাৰতৰ সোণৰ বজাৰৰ মূল্যও ইয়াৰ সৈতে জড়িত। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পৰ বিজয়ৰ পিছতে সোণৰ মূল্য ব্যাপকভাৱে হ্ৰাস পোৱাৰ ফলত এনে হোৱা বুলি জানিব পৰা গৈছে।
বিশেষজ্ঞসকলৰ মতে ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিস্থিতিৰ ফলত সোণৰ মূল্য আৰু অধিক হ্ৰাস পাব পাৰে । কিয়নো এই সময়ত সোণৰ প্ৰতি আকৰ্ষণ হ্ৰাস পাব পাৰে। প্ৰতি ১০ গ্ৰাম সোণত এমচিএক্সৰ সোণৰ মূল্য ৪%তকৈ অধিক হ্ৰাস পাইছে, অৰ্থাৎ প্ৰায় ৩৪০০ টকা কমিছে। যোৱা সপ্তাহত ২৭৯০.১৫ ডলাৰ হোৱা আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্য ১২০ ডলাৰলৈ হ্ৰাস (Reduction to $120) পাইছে।
এগৰাকী বিশেষজ্ঞৰ মতে, তিনিমাহৰ ভিতৰতে সোণ অতিমাত্ৰা ক্ৰয় কৰা হৈছে। গতিকে সেই দৃষ্টিকোণৰ পৰা পুনৰীক্ষণ কৰাটো অতি প্ৰয়োজনীয়। ট্ৰাম্পৰ নিৰ্বাচনী জয়ৰ লগে লগে আমেৰিকান ডলাৰৰ মূল্য বৃদ্ধি, আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ হাৰ কৰ্তনৰ আশা হ্ৰাস পোৱা, মধ্যপ্ৰাচ্যৰ ৰাজনৈতিক উত্তেজনা লাঘৱ কৰা আৰু বছৰৰ শেষৰ ফালে লাভৰ বুকিং আদিয়ে সোণৰ মূল্য সংশোধনত অৰিহণা যোগাইছে।
আনহাতে, ব্যৱসায়ীসকলে আশা কৰিছে যে ২৫ বেছিছ পইণ্টৰ সুতৰ হাৰ কৰ্তন ঘোষণা হ’ব পাৰে। সোণৰ মূল্য বৃদ্ধিৰ বাবে ভাৰতত সোণৰ ক্ৰয় যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত বাণিজ্যিক লেনদেন বৃদ্ধি পাইছে আৰু বজাৰত পুৰণি সোণ ক্ৰয় কৰিবলৈ হেতাওপৰা লাগিছে। ইয়াৰ উপৰি ট্ৰাম্পৰ জয়ৰ পিছত বিটকইন আৰু শ্বেয়াৰ বজাৰত উত্থান ঘটিছে, যাৰ ফলত সোণৰ ওপৰত লাভৰ ওপৰত হেঁচা পৰিছে আৰু বিনিয়োগৰ আগ্ৰহৰ পৰিৱৰ্তন ঘটিছে।