বিয়াৰ বাবে নিমন্ত্ৰণী-পত্ৰ (Invitations for marriage)ৰ ভূমিকা ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিয়াৰ কাৰ্ড এখনে এক এটা বাৰ্তা প্ৰেৰণ কৰাৰ লগতে দৰা-কইনাৰ ভাল লগা-বেয়া লগা, পচন্দ-অপচন্দৰ কথাও প্ৰকাশ কৰে। সময়ৰ লগে লগে এই কাৰ্ডৰ ডিজাইন সলনি হৈছে। আজিকালি স্মাৰ্ট ফোনৰ যুগত ভাৰ্চুৱেল কাৰ্ড (Virtual Card) অতি জনপ্ৰিয়। কিন্তু শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিয়াৰ এখন কাৰ্ড ভাইৰেল হৈ পৰিছে। যাৰ বাবে নেটিজেনৰ প্ৰশ্ন, দৰা-কইনাই আলহীলৈ আইফোন প্ৰেৰণ কৰিছে নেকি?
আচলতে কথাটো অন্য ধৰণৰ। এখন আইফোনৰ ডিজাইনৰ বিয়াৰ কাৰ্ডক লৈহে এতিয়া তীব্ৰ চৰ্চা। কাৰ্ডখন দেখিলে প্ৰথম দৃষ্টিত আইফোনৰ দৰে দেখি। স্ক্ৰীণ ছেভাৰত আছে দৰা-কইনাৰ ছবি। কিন্তু সেইটো আচলতে ডিজাইনহে। কিন্তু ফোনৰ দৰে দেখা বিয়াৰ কাৰ্ডখন খুলিলে আচলতে বিয়া কাৰ্ডৰ দৰে হৈ পৰে। তিনিটা পৃষ্ঠাত বিতং তথ্য আৰু নিমন্ত্ৰণী-পত্ৰ আছে । প্ৰশ্নোত্তৰ ক’ড আছে, গুগল মেপো আছে।