১ নৱেম্বৰৰ পৰা ভাৰতীয় টেলিকম নিয়ামক সংস্থা (Telecom Regulatory Agency of India) ট্ৰায়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে। ভুৱা কল (Facl Call) আৰু এছ এম এছে (SMS) যাতে গ্ৰাহকক আৰু অশান্তি নিদিয়ে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ ওলাইছে। টেলিকম অপাৰেটৰসকলে কঠোৰভাৱে নিয়ম পালন (Strict adherence to rules) কৰাটো নিশ্চিত কৰিবলৈ ট্ৰায়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ফলত ফোন কল কৰাৰ কিছুমান নিয়ম সলনি হ’ব পাৰে। চাইবাৰ হেকাৰে আজিকালি অতি সহজে নিজৰ কাম কৰি আছে। তেওঁলোকক বাধা দিবলৈ এই নিয়ম কঠোৰভাৱে বলৱৎ কৰা হৈছে।

এতিয়াৰে পৰা যদি কোনো অবাঞ্চিত এছ এম এছ কাৰোবাৰ ফোনলৈ আহে তেন্তে কোন নম্বৰৰ পৰা আহিছে সেইটো পৰীক্ষা কৰা হ’ব। প্ৰয়োজন হ’লে সেই নম্বৰটো স্থানৰ সৈতে পোৱা যাব। লগতে যদি কোনো ভুৱা কল আহে তেন্তে তৎক্ষণাত চোৱাচিতা কৰা হ’ব। প্ৰয়োজন হ’লে লগে লগে ব্লক কৰা হ’ব।
ইমানেই নহয়। যদি কোনো সমস্যা হয় তেন্তে গ্ৰাহকে উক্ত নম্বৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। ট্ৰায়ে কয় যে বৰ্তমান বহুতো ভুৱা কল আছে, য’ত গ্ৰাহকে আৰ্থিক লোকচানৰ কথা জনাইছে। এই ব্যৱস্থাটো পুনৰ তেনেকুৱা নহ’বলৈ কৰা হৈছে।