দীপাৱলীৰ পূৰ্ব সন্ধ্যা অযোধ্যাত (Ayodhya Diwali) সৃষ্টি হয় দুটাকৈ বিশ্ব অভিলেখ। বুধবাৰে সন্ধিয়া অযোধ্যাত প্ৰায় ২৫ লাখ মাটিৰ চাকি একেলগে জ্বলোৱাৰ লগতে সৰ্বাধিক সংখ্যক লোকে একেলগে আৰতি প্ৰদৰ্শন কৰি দুটাকৈ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰে।
অযোধ্যাৰ সৰযু নদীৰ 55 টা ঘাটত 25 লাখতকৈও অধিক মাটিৰ চাকি একেলগে জ্বলোৱা হয়। আনহাতে, 1,121 গৰাকী ‘বেদাচাৰ্য’ই একেলগে ‘আৰতি’ প্ৰদৰ্শন কৰে। আনহাতে, মুঠ 25,12,585 গছি বন্তি প্ৰজ্জ্বলন কৰা হয় । এই বন্তিৰ সংখ্যা গণনা কৰিবলৈ দ্ৰোণ ব্যৱহাৰ কৰা হয় ।
উল্লেখ্য যে ৰাম মন্দিৰ উদ্বোধনৰ পাছত যোগী আদিত্যনাথৰ চৰকাৰৰ অযোধ্যাত এইটো হৈছে প্ৰথমটো দীপোৎসৱ উদযাপন। যোগী চৰকাৰৰ উদ্যোগত ২০১৫ চনৰ পৰা দীপাৱলীৰ প্ৰাকক্ষণত অযোধ্যাত আৰম্ভ হৈছিল এই দীপোৎসৱ।
আনহাতে, যোৱা বছৰ অযোধ্যাত একেলগে ২১ লাখ চাকি জ্বলোৱা হৈছিল। বুধবাৰে সৰযুৰ পাৰত অনুষ্ঠিত দীপোৎসৱত মালয়েছিয়া, কম্বোডিয়া, নেপাল, ইণ্ডোনেছিয়া, ম্যানমাৰ, থাইলেণ্ডৰ শিল্পীসকলে ৰামলীলাত অংশগ্ৰহণ কৰে।
ইফালে বুধবাৰে অযোধ্যাৰ দীপোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয়, “আজি ৫০০ বছৰৰ মূৰত ৰামলালাই নিজৰ ঘৰতে দীপাৱলী উদযাপন কৰিছে। কিন্তু এয়া মাত্ৰ আৰম্ভণিহে। আজি যিদৰে অযোধ্যাৰ দীপোৎসৱে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, অনাগত দিনত কাশী আৰু মথুৰাতো উৎসৱ হ’ব।”