পিতৃ-মাতৃৰ ওপৰত সন্তানৰ নিৰ্মম অত্যাচাৰ। আনকি অন্নমুঠিৰ বাবেও সন্তানক ককৰ্থনা। খাবলৈ বিচাৰিলে কয়, বাটি এটা লৈ ৰাস্তালৈ গৈ ভিক্ষা খোজা। কেতিয়াবা মাৰপিট, কেতিয়াবা হত্যাৰ ভাবুকি।
সম্পত্তিৰ বাবে দিনক দিনে সন্তানৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৭০ বছৰীয়া পিতৃ আৰু তেওঁৰ পত্নীয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে। দুয়োৱে একেলগে ঘৰৰ পানীৰ টেংকীত জঁপিয়াই আত্মহত্যা কৰে। লগতে দুইপৃষ্ঠাৰ এখন ছুইচাইড নোটত এই সকলোবোৰ কথা লিখি থৈ যায়। ছুইচাইড নোটখন তেওঁলোকৰ কোঠাটোৰ এখন বেৰত আঁৰি থৈ গৈছিল।
আৰক্ষীৰ তথ্য অনুসৰি, ৰাজস্থানৰ নাগপুৰৰ কৰ্ণী অঞ্চলত ৭০ বছৰীয়া হাজাৰিৰাম বিষ্ণই আৰু তেওঁৰ ৬৮ বছৰীয়া পত্নী চাৱালী দেৱীৰ মৃতদেহ বৃহস্পতিবাৰে ঘৰৰ পানীৰ টেংকীৰ পৰা উদ্ধাৰ কৰে । বৃদ্ধ দম্পতীৰ দুই পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান আছে। দুপৃষ্ঠাৰ এখন ছুইচাইড নোটত বৃদ্ধাগৰাকীয়ে লিখিছে যে তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰই তেওঁক কমেও তিনিবাৰকৈ প্ৰহাৰ কৰিছিল।
আন এজন পুত্ৰ সুনীলেও দুবাৰ হাত উঠাইছিল। কাৰোবাৰ আগত মাৰপিট কৰাৰ কথা ক’লে বা আৰক্ষীৰ ওচৰলৈ যোৱাৰ কথা ভাবিলেও টোপনিতে হত্যা কৰা হ’ব বুলিও তেওঁলোকক ভাবুকি দিয়া হৈছিল। ছুইচাইড নোটত লিখিছে হাজাৰিৰামে ৰাজেন্দ্ৰ আৰু তেওঁৰ পত্নী ৰৌশনী, সুনীল আৰু তেওঁৰ পত্নী অনিতা আৰু পুত্ৰ প্ৰণৱৰ নাম।
লগতে লিখিছে দুগৰাকী কন্যা মঞ্জু আৰু সুনীতাৰ নামো। বৃদ্ধগৰাকীয়ে কেইবাজনো আত্মীয়ৰ নামো তাত লিখিছে। তেওঁ লিখিছে যে তেওঁলোকৰ সন্তানে দাবী জনাইছে যে সকলো সম্পত্তি তেওঁলোকৰ নামত লিখি দিব লাগে। একাংশ আত্মীয়ও তেওঁলোকক সমৰ্থন কৰা বুলি অভিযোগ বৃদ্ধ দম্পতীৰ।
নাগপুৰৰ আৰক্ষী অধীক্ষক নাৰায়ণ টোগাছে জনোৱা মতে, স্থানীয় লোকে হাজাৰিৰাম আৰু চাৱালী দেৱীৰ ঘৰত কাকো দেখা পোৱা নাই বুলি তেওঁলোকে তথ্য লাভ কৰে। আৰক্ষীয়ে আহি ঘৰত তালাচী চলাই পানীৰ টেংকীত তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে।
টোগাছে কয়, “ঘৰৰ চাবিটো হাজাৰিৰামৰ পকেটত আছিল। ফৰেনছিক দলে ঘটনাস্থলীৰ পৰাই সকলো প্ৰমাণ সংগ্ৰহ কৰে। ঘৰৰ ভিতৰৰ চিচিটিভি কেমেৰাৰ ৰেকৰ্ডিং পৰীক্ষা কৰা হৈছে। দুয়োটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।”
তেওঁ কয় যে ছিইচাইড নোটখন পোৱা গৈছে যদিও সকলো সম্ভাৱনাৰ কথা মনত ৰাখি তদন্ত কৰা হৈছে
। কাৰণ যোৱা সোমবাৰে বৃদ্ধৰ পুত্ৰ সুনীলে নাগপুৰ আৰক্ষী-প্ৰশাসনক লিখিত অভিযোগ দিছিল যে তেওঁৰ পিতৃ-মাতৃয়ে আত্মহত্যা কৰি সন্তানকেইটাক ফান্দত পেলাবলৈ চেষ্টা কৰিছিল। যদিও বৃহস্পতিবাৰে মৃতদেহ দুটা উদ্ধাৰ কৰা হয়, তথাপিও মঙলবাৰেই বৃদ্ধ দম্পতীৰ মৃত্যু হ’ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে সকলো স্পষ্ট কৰিব বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে আশা কৰিছে।