আধাৰ কাৰ্ড (Adhar Card) ভাৰতীয় নাগৰিকৰ বাবে অতি প্ৰয়োজনীয় এখন নথি। আনহাতে, ইয়াৰ লগত সকলো উপযোগী সুবিধা জড়িত হৈ আছে।
কিন্তু আপুনি জানেনে যে আধাৰ কাৰ্ডত এটা বিকল্প আছে, যাৰ সহায়ত আপুনি যিকোনো ভ্ৰমণ বা হোটেল নিজেই বুকিং কৰিব পাৰে, তাৰ বাবে আধাৰ নম্বৰ দিব নালাগে। ইউনিক আইডেণ্টিফিকেচন অব ইণ্ডিয়াই এই কাৰণতে দেশবাসীক Masked Aadhaar কাৰ্ডৰ সুবিধা প্ৰদান কৰে।
আধাৰৰ গোপনীয়তা বজাই ৰাখিবলৈ এই সুবিধা প্ৰদান কৰা হৈছে। এখন Masked আধাৰত নাম, ফটো আৰু QR কোড দেখা যায় যদিও কাৰ্ড নম্বৰ সম্পূৰ্ণকৈ দিয়া হোৱা নাই। ফলত হোটেললৈ যাওঁতে এই Masked আধাৰখন দিব পাৰিব। তেনে ক্ষেত্ৰত কাৰ্ড নম্বৰটো গোপনীয় হৈ থাকিব।
এই ব্যৱস্থাই গোপনীয়তা সুৰক্ষিত কৰে। ইয়াৰ ফলত আপোনাৰ আধাৰ নম্বৰৰ অপব্যৱহাৰ ৰোধ হয়, যাক বেছিভাগ কোম্পানীয়ে গ্ৰহণ কৰে।
যদি আধাৰ নম্বৰ শ্বেয়াৰ কৰিব লাগে, তেন্তে সম্পূৰ্ণ নম্বৰৰ সলনি Masked আধাৰ দিব পাৰে, যাতে উন্নত গোপনীয়তা সুৰক্ষা নিশ্চিত কৰিব পৰা যায়।
আপোনাৰ Masked Aadhaar PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। আপুনি যেতিয়াই আধাৰ নম্বৰ দিব লাগে তেতিয়াই এই কাৰ্ডখন প্ৰিণ্ট কৰি ব্যৱহাৰ কৰিব পাৰিব ।