চেন্নাইৰ ভৌগোলিক সূচকাংক (Geographical Indications of Chennai) ৰেজিষ্ট্ৰীয়ে অসম বড়ো জনগোষ্ঠীৰ (Bodo People) আঠবিধ সামগ্ৰীক (Eight items) জি আই টেগ প্ৰদান (Giving GI Tag) কৰিছে। ইয়াৰ ভিতৰত আছে পৰম্পৰাগত বস্ত্ৰ আৰু খাদ্য তথা পানীয়।
উল্লেখযোগ্য যে চাউলৰ পৰা প্ৰস্তুত কৰা বিশেষ ধৰণৰ স্থানীয় সুৰাৰ তিনিটা প্ৰকাৰৰ বাবে ভৌগোলিক সূচকাংকৰ বিচাৰি বড়ো ট্ৰেডিশ্যনেল ব্ৰুৱেৰ এছ’চিয়েশ্যনে আবেদন দাখিল কৰিছিল। এইকেইবিধ জো গৈৰাণ, মাইব্ৰা জো বিদেই আৰু জো গিচি।
আনহাতে, Association of Traditional Food Products-এ চাৰিবিধ পৰম্পৰাগত বড়ো খাদ্য সম্ভাৰৰ বাবে জি আই টেগৰ আবেদন কৰিছিল আৰু আটাইকেইটাতে সফলতাৰে প্ৰাপ্ত কৰিছে। সেইকেইবিধ হৈছে বড়ো নাফাম, বড়ো ওণ্ডলা, বড়ো গোখা আৰু বড়ো নাৰ্জি।
আনহাতে, বড়োসকলৰ অতি আদৰৰ, সন্মানৰ আৰু আনক সন্মান জনাবলৈ ডিঙিত পিন্ধোৱা আৰনাইখনেও এছ’চিয়েচন অব ট্ৰেডিশ্যনেল বড়ো ৱিভাৰৰ আবেদনৰ পিছত জি আই টেগ লাভ কৰিছে।