ৰাজস্থানৰ বিকানেৰত একেটা পৰিয়ালৰ তিনিজন সদস্যই আত্মহত্যা (Rajasthan Family Suicide) কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, পৰিয়ালটোৰ মুৰব্বীজনে বেংকৰ পৰা ঋণ লৈছিল। অভিযোগ অনুসৰি, তাৰ বাবে গোটেই পৰিয়ালটোৱে বাৰে বাৰে পাওনাদাৰৰ হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। তাৰ পিছত ৰাহুল মাৰু নামৰ লোকজনে চৰম পদক্ষেপ লয়।
আৰক্ষীৰ য়ে জনোৱা মতে, ৰাহুল মাৰুৰ লগতে তেওঁৰ পত্নী ৰুচি মাৰু আৰু তেওঁলোকৰ সাত বছৰীয়া কন্যাৰ মৃতদেহো উদ্ধাৰ কৰা হৈছে। আনহাতে, ১৪ বছৰীয়া পুত্ৰৰ অৱস্থা সংকটজনক।
আই জি ওমপ্ৰকাশ পাছৱানে কয়, “মঙলবাৰে জয় নাৰায়ণ ব্যাস কলনীৰ ঘৰৰ পৰা তিনিটা মৃতদেহ উদ্ধাৰ কৰা হয়। দম্পতীহালৰ পুত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা সংকটজনক। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। ৰাহুলে তাত লিখিছিল যে তেওঁ আৰু তেওঁৰ পৰিয়ালক ঋণ পৰিশোধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেইবাবেই এই পদক্ষেপ।”
ইফালে ৰাহুলৰ পুত্ৰই আৰক্ষীক জনোৱা মতে, সোমবাৰে নিশা পিতৃয়ে তিনিওজনকে ঔষধ খাব দিছিল। সকলোৱে শুই থকাৰ সময়ত সি পঢ়া-শুনা কৰি আছিল। মাজনিশা তেওঁৰ বমি হৈছিল। ইয়াৰ পিছত তেওঁৰ টোপনি আহে। মঙলবাৰে পুৱা ১০ বজাত সাৰ পোৱা বুলিও জনায় কিশোৰজনে। সেই সময়ত পিতৃ, মাতৃ আৰু ভনীয়েকক বিছনাত পৰি থকা দেখে। তিনিওৰে মুখৰ পৰা তেজ ওলাই আছিল। ইয়াৰ পিছত কিশোৰজনে আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াক খবৰ দিয়াৰ লগতে থানাতো খবৰ দিলে।
আৰক্ষীয়ে জনোৱা মতে, ৰাহুলৰ এখন ঔষধৰ দোকান আছে। আনহাতে, পত্নীৰ মগজুৰ ৰক্তক্ষৰণ হোৱাত চিকিৎসাৰ বাবে ধনৰ প্ৰয়োজন হয়।
ইয়াৰ বাবে তেওঁ বেংকৰ পৰা ৬০ লাখ টকা ঋণ লৈছিল। কিন্তু ঘৰ-গাড়ী বিক্ৰী কৰিও সেই ধন ঘূৰাই দিব পৰা নাছিল। অৱশেষত শেহতীয়াকৈ তেওঁ ভাড়াঘৰত বাস কৰিছিল। কিন্তু পাওনাদাৰৰ সঘনাই চলাচল হৈছিল। অভিযোগ অনুসৰি, তেওঁক হাৰাশাস্তিও কৰা হৈছিল।