অস্ত্ৰ এৰি মূল সুঁতিলৈ ঘূৰি অহাৰ পিছত এইবাৰ ৰাজনীতিৰ পথাৰত খোজ পেলাবলৈ মন মেলিছে প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া (Former ULFA leader Anup Chetia)ই। আলফাৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে শীঘ্ৰে আঞ্চলিক ৰাজনীতিত যোগদান (Joining regional politics)ৰ বাবে আগবাঢ়িছে। জানিব পৰা মতে অনুপ চেতিয়াই অসম গণ পৰিষদত যোগদান (Joins Asom Gana Parishad)ৰ বাবে আগবাঢ়িছে। ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক প্ৰক্ৰিয়াও সমাপ্ত হৈছে। সকলো ঠিকে থাকিলে অহা ১৪ অক্টোবৰত অগপৰ জৰিয়তে ৰাজনীতিৰ পথাৰত এক নতুন ইনিংছ আৰম্ভ কৰিব প্ৰাক্তন আলফা নেতাগৰাকীয়ে।
উল্লেখযোগ্য যে অহা ১৪ অক্টোবৰ অগপৰ প্ৰতিষ্ঠা দিৱস। আনহাতে, এই দিনটোতে ৪০ বছৰত ভৰি দিব অসমৰ গুৰুত্বপূৰ্ণ আঞ্চলিক ৰাজনৈতিক দলটোৱে৷ এই দিনটোতে অনুপ চেতিয়াই অগপত আনুষ্ঠানিকভাৱে যোগ দিবলৈ সাজু (Ready to formally join) হৈছে৷
উল্লেখ্য যে এইবাৰ অগপৰ ৪০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ’ব তিনিচুকীয়া জিলাৰ জেৰাইগাঁৱত৷