এজন যুৱকে কেছ অন ডেলিভাৰী (Cash on Delivery)ত আইফোন অৰ্ডাৰ (iPhone Order) দিলে। কিন্তু আইফোনটো পোৱাৰ পিছতে চৰম পদক্ষেপ লয়। ডেলিভাৰী বয়জনক মোবাইলৰ বাবে দিবলগীয়া ধনৰ সলনি হত্যা (Killing delivery boy) কৰে। তাৰ পিছত মৃতদেহটো বস্তাত ভৰাই খালত পেলায় দিয়ে। হত্যাকাণ্ডৰ আঠ দিনৰ পাছতো আৰক্ষীয়ে মৃতদেহটো বিচাৰি নাপালে।
সংবাদ মাধ্যমৰ সূত্ৰ মতে, ২৩ ছেপ্টেম্বৰত সংঘটিত হয় এই হত্যাকাণ্ড। গজানন নামৰ এজন লোকে ফ্লিপকাৰ্টৰ পৰা ডেৰ লাখ টকাৰ আইফোন এটা অৰ্ডাৰ কৰিছিল। আৰু Cash on Delivery পেমেণ্ট বিকল্প বাছি লৈছিল।
সেইদিনা ভৰত নামৰ ডেলিভাৰী বয়টোৱে ডেৰ লাখ মূল্যৰ আইফোনটো ডেলিভাৰী দিবলৈ গৈছিল। কিন্তু গজানন আৰু তেওঁৰ সহযোগীসকলে আইফোনটো হাতত লৈয়ে ডেলিভাৰী বয়জনক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।
ইয়াৰ পিছত ভৰতৰ তেওঁলোকে মৃতদেহটো বস্তাত ভৰাই খালত পেলায় দিয়ে। আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ দুদিন পিছতো ভৰতৰ কোনো তথ্য নোপোৱাত পৰিয়ালটোৱে থানাত নিৰুদ্দেশৰ গোচৰ দাখিল কৰে। ২৫ ছেপ্টেম্বৰত থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে তালাচী আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ভৰতৰ ফোনটো উদ্ধাৰ কৰি তাৰ পৰাই গজাননৰ সৈতে যোগাযোগ কৰে। জেৰাৰ সময়ত অভিযুক্তই হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰে। এই হত্যাকাণ্ডৰ সৈতে জড়িত আন দুজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইফালে ডেলিভাৰী বয়জনৰ মৃতদেহ বিচাৰি অভিযান আৰম্ভ কৰিছে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে।