মহাৰাষ্ট্ৰৰ বিভিন্ন ঠাইত এতিয়া এক বিশেষ পোষ্টাৰ। এই পোষ্টাৰত লিখা আছে ‘লাপাটা লেডিজ’(Laapataa Ladies)। অৱশ্যে যদিও এয়া শেহতীয়াকৈ মুক্তি পোৱা অতি জনপ্ৰিয় আৰু চৰ্চিত ছবি এখনৰ নাম, কিন্তু এই পোষ্টাৰখন উক্ত ছবিখনৰ নহয়। এই পোষ্টাৰখন কংগ্ৰেছৰ এক কাৰ্যসূচীৰ।
নিৰ্বাচনমুখী মহাৰাষ্ট্ৰৰ মহিলাসকলৰ বাবে ইয়াৰ দ্বাৰা মাত মাতিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছ নেতৃত্বই। তাৰেই ফলস্বৰূপে এই পোষ্টাৰখন। এই পোষ্টাৰৰ তলত লিখা আছে, এবছৰত ৬৪ হাজাৰ মহিলা নিৰুদ্দেশ। স্বাভাৱিকতে কংগ্ৰেছৰ এই পোষ্টাৰখনে একনাথ শিণ্ডেৰ চৰকাৰক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে।
শেহতীয়াকৈ লাপাটা লেডিজে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। নাৰীৰ সন্মান, মৰ্যাদা, নিজৰ মতে জীয়াই থকাৰ অধিকাৰ ছবিখনত আলোকপাত কৰা হৈছে। এইবাৰ কংগ্ৰেছে মহিলাৰ সন্মানক লৈ মাত মাতিবলৈ ওলাইছে।
বিগত বৰ্ষৰ আগষ্ট মাহত বিধানসভাত বক্তৃতা দি দেৱেন্দ্ৰ ফাডনাভিছে কৈছিল যে ৰাজ্যত নিৰুদ্দেশ হোৱা ১০ শতাংশ মহিলাই ঘৰলৈ উভতি নাহে। মহাৰাষ্ট্ৰত প্ৰতি বছৰে প্ৰায় ৬৪ হাজাৰ ছোৱালী আৰু মহিলা সন্ধানহীন হয়। ২০১৯ আৰু ২০২০ চনত কোভিডৰ সময়ত এই সংখ্যা একেই আছিল। ২০২১ চনত নিৰুদ্দেশ হোৱা মহিলাৰ ৬১ হাজাৰ গোচৰ ৰুজু হৈছে। ইয়াৰে ৮৭ শতাংশই ঘৰলৈ উভতিছে। ২০২২ চনত নিৰুদ্দেশ হোৱা ৮৬ শতাংশ মহিলা ঘৰলৈ উভতিছে। কংগ্ৰেছে এতিয়া একে সংখ্যাৰ উদ্ধৃতি দি মহাৰাষ্ট্ৰ চৰকাৰক লক্ষ্য কৰি লৈছে।