মহাৰাষ্ট্ৰ চৰকাৰে দেশী গৰুক ‘ৰাজ্যমাতা’ উপাধি প্ৰদান কৰে। সোমবাৰে কেবিনেট বৈঠকত একনাথ শিন্দে (Eknath Shindey) নেতৃত্বাধীন বিজেপি, শিৱসেনা, এনচিপিৰ মিত্ৰজোঁট চৰকাৰে এই কথাত সন্মতি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ শেষত মহাৰাষ্ট্ৰত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে বিজেপি, শিৱসেনা, এন চি পিৰ মিত্ৰজোঁট চৰকাৰে এই অনুমতি দিয়া বুলি অনুমান কৰা হৈছে।
কেবিনেটৰ এই সিদ্ধান্ত সন্দৰ্ভত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নভিছে সংবাদ সংস্থা এএনআইক কয়, “দেশী গৰু খেতিয়কৰ বাবে এক আশীৰ্বাদ। গতিকে আমি সিহঁতক ৰাজমাতা বুলি স্বীকৃতি দিয়াৰ সিদ্ধান্ত লৈছোঁ। আমি গোশালাত গৰুৰ প্ৰতিপালনৰ বাবে সহায়ৰ হাত আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো।”
মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দেৰ সচিবালয়ৰ তথ্য অনুসৰি, থলুৱা গৰু পালনৰ বাবে এজন কৃষকক প্ৰতিদিনে ৫০ টকাকৈ ৰাজসাহায্য প্ৰদান কৰা হ’ব। ২০১৯ চনৰ ২০ সংখ্যক পশুধন পিয়লৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰত মাত্ৰ ৪৬ লাখ ১৩ হাজাৰ ৬৩২ টা থলুৱা গৰু আছে।
১৯ সংখ্যক পশুধন পিয়লৰ তথ্য অনুসৰি, থলুৱা গৰুৰ সংখ্যা পূৰ্বৰ তুলনাত ২০.৬৯ শতাংশ হ্ৰাস পাইছে। চৰকাৰী সূত্ৰ অনুসৰি, মহাৰাষ্ট্ৰ চৰকাৰে সেয়ে থলুৱা গৰুৰ সংখ্যা বৃদ্ধিৰ বাবে উদ্যোগ গ্ৰহণৰ চিন্তা কৰিছে।