এগৰাকী ১৮ বছৰীয়া কিশোৰীৰ মূৰত আঘাত লৈ চিকিৎসালয়লৈ গৈছিল। তাত আঘাতপ্ৰাপ্ত ঠাইখিনি চিলাই কৰি থাকোঁতে চিকিৎসকে পাহৰি গ’ল বেজীটো উলিয়াব। এই অভিযোগ উত্তৰ প্ৰদেশৰ (Uttar pradesh) হাপুৰত।
সীতাৰা নামৰ ৰোগীগৰাকীৰ পৰিয়ালে লগতে দাবী কৰে যে চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকগৰাকীয়ে সেই সময়ত মদ্যপান কৰি আছিল। কিন্তু প্ৰশাসনে এই দাবী মানি লোৱা নাই যদিও হাপুৰ জিলাৰ মুখ্য স্বাস্থ্য বিষয়াই ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, চুবুৰীয়াৰ সৈতে সীতাৰাৰ কাজিয়া হৈছিল। অভিযোগ অনুসৰি, সেই সময়ত তেওঁ মূৰত আঘাত পোৱাত তেওঁৰ পৰিয়ালে স্থানীয় চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। চিকিৎসকে কয় যে তেওঁৰ মূৰত চিলাইৰ প্ৰয়োজন। চিকিৎসকে সহকাৰী স্বাস্থ্যকৰ্মীৰ সৈতে সীতাৰাৰ মূৰত চিলাই কৰি বেণ্ডেজ লগাই দিয়ে। কিন্তু ঘৰলৈ উভতি অহাৰ পিছত বিষ আৰম্ভ হয়।
বিষত তেওঁ চিঞৰি থাকিব লগা হোৱাত লগে লগে সীতাৰাৰ পৰিয়ালৰ লোকে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে বেণ্ডেজটো খুলি আচৰিত হৈ পৰে। তাত দেখে যে মূৰত বেজী এটা সোমাই আছে। বেজীটো আঁতৰোৱাৰ পিছতহে বিষটো কমি আহে।
ইফালে সীতাৰাৰ মাতৃয়ে দাবী কৰে যে চৰকাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকগৰাকীয়ে মদ্যপান কৰি আছিল। লগতে তেওঁৰ শাস্তিৰো দাবী জনায়। আনহাতে, ঘটনা সন্দৰ্ভত হাপুৰ জিলাৰ মুখ্য স্বাস্থ্য বিষয়া সুনীল ত্যাগীয়ে কয়, “এই অভিযোগৰ তদন্তৰ বাবে দুজনীয়া এটা দল গঠন কৰা হৈছে।
ৰিপ’ৰ্ট পোৱাৰ পিছত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।” লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে অভিযুক্ত চিকিৎসকজনে কোনো ধৰণে মদ্যপান কৰা নাছিল। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে চিকিৎসকজনে কেতিয়াও মদ্যপান নকৰে।