ধৰ্ম আৰু ৰাজনীতি (Religion and Politics) মাজত বিভাজন থকাটো প্ৰয়োজন। তিৰুপতি মন্দিৰৰ প্ৰসাদী লাড়ু (Tirupati Temple’s Prasadi Laddu)ত পশুৰ চৰ্বি মিহলোৱা গোচৰত উচ্চতম ন্যায়ালয়ে (Supreme Court) এই মন্তব্য কৰিছে। কেৱল সেয়াই নহয়, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে সংবাদ মাধ্যমত লাড়ুৰ ওপৰত কৰা মন্তব্যক লৈও প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে।
কিছুদিন পূৰ্বে চন্দ্ৰবাবুৱে তিৰুপতিৰ প্ৰসাদী লাড়ুক লৈ ‘বিতৰ্কিত’ মন্তব্য কৰিছিল। তেওঁৰ অভিযোগ আছিল যে জগনমোহন ৰেড্ডীৰ চৰকাৰৰ দিনত তিৰুমালাৰ প্ৰসাদী লাড়ু তৈয়াৰ কৰাত ব্যৱহৃত ঘিউৰ লগত জন্তুৰ চৰ্বি মিহলি কৰা হৈছিল। গুজৰাটৰ চৰকাৰী পৰীক্ষাগাৰৰ জুলাই মাহৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ দাবী কৰে যে তিৰুপতি ভেংকটেশ্বৰ মন্দিৰৰ প্ৰসাদী লাড়ুত পশুৰ চৰ্বি ঘিউৰ সৈতে মিহলি কৰা হৈছে। তাৰ পৰাই আৰম্ভ হয় বিতৰ্ক।
সোমবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে লাড়ু বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰি চন্দ্ৰবাবুক প্ৰশ্ন কৰে। ন্যায়াধীশসকলৰ প্ৰশ্ন, “যেতিয়া আপুনি (অন্ধ্ৰপ্ৰদেশ চৰকাৰে) বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰি তদন্তৰ নিৰ্দেশ দিছিল, তেনে ক্ষেত্ৰত সাংবাদিকৰ সৈতে মুখামুখি হোৱাৰ কি প্ৰয়োজন আছিল?”
ইয়াৰ পিছতে উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰক প্ৰশ্ন কৰে, “ভেজাল সম্পৰ্কে নিশ্চিত নোহোৱাকৈ আপুনি ৰাজহুৱা স্থানত কেনেকৈ মন্তব্য কৰিলে?”
আদালতৰ প্ৰশ্ন, “লাড়ু বনোৱাত ভেজাল ঘিউ ব্যৱহাৰ কৰা হৈছিল বুলি প্ৰমাণ ক’ত?” উচ্চতম ন্যায়ালয়ে পশুৰ চৰ্বিৰ ব্যৱহাৰ ‘মিছা’ বুলি প্ৰমাণিত হোৱাৰ সম্ভাৱনাৰ কথাও কয়। আদালতে মন্তব্য কৰে, “যেতিয়া আপুনি (চন্দ্ৰবাবু নাইডু) এক সাংবিধানিক পদত আছে, তেনে ক্ষেত্ৰত ভগৱানক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব বুলি আশা কৰিছোঁ।”
উল্লেখ্য যে লাড়ু বিতৰ্কত চন্দ্ৰবাবুৰ অভিযোগ পোনপটীয়াকৈ অস্বীকাৰ কৰে জগন আৰু তেওঁৰ দল ৱাই এছ আৰ কংগ্ৰেছে। এই সন্দৰ্ভত জগনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰও লিখিছে। তেওঁ অভিযোগ কৰে যে চন্দ্ৰবাবুৱে তিৰুপতি মন্দিৰৰ স্বাভিমান আৰু পবিত্ৰতা ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। আনকি জগনে এনে অভিযোগ উত্থাপন কৰি চন্দ্ৰবাবুৱে ‘পাপ’ কৰা বুলিও দাবী কৰে।