এইবাৰ উচ্চতম ন্যায়ালয়ে (Supreme Court) আদালত অৱমাননাৰ গোচৰ (Contempt of Court case)ত অসম চৰকাৰলৈ জাননী (Notice to Assam Government) প্ৰেৰণ কৰে। সোমবাৰে ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনৰ বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। অসম চৰকাৰে আদালতৰ নিৰ্দেশ অমান্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসমৰ ৪৭ গৰাকী বাসিন্দাই। ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে আদালতৰ অনুমতি অবিহনে তেওঁলোকৰ ঘৰ ভাঙিব নোৱাৰিব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো প্ৰশাসনে তেওঁলোকৰ ঘৰ ভাঙি পেলোৱাৰ উদ্যোগ লোৱা বুলি দাবী কৰিছে বাদীসকলে। উক্ত গোচৰত এইবাৰ উচ্চতম ন্যায়ালয়ে অসম চৰকাৰলৈ জাননী প্ৰেৰণ কৰে। এই সন্দৰ্ভত তিনি সপ্তাহৰ ভিতৰত প্ৰত্যুত্তৰ দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে আদালতে।
অভিযোগ অনুসৰি, সোণাপুৰৰ কচুতলী (Sonapur’s Kachutali) পথাৰ গাঁৱৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৪৭টা ঘৰ বুলড’জাৰেৰে ভাঙিবলৈ প্ৰশাসনে চেষ্টা চলাইছে। বাদীসকলে দাবী কৰে যে তেওঁলোকে সেই ঘৰবোৰত দশক দশক ধৰি বাস কৰি আহিছে। আনকি ঘৰৰ মাটিৰ মালিকৰ লগতো তেওঁলোকৰ চুক্তি আছে। কিন্তু অসম প্ৰশাসনে দাবী কৰিছে যে তেওঁলোকে অবৈধভাৱে জনজাতীয় ভূমি দখল কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ চলি আছিল। ২০ ছেপ্টেম্বৰত মহাধিবক্তাই অসম চৰকাৰৰ হৈ উচ্চ ন্যায়ালয়ক মৌখিক আশ্বাসো দিছিল যে গোচৰ নিষ্পত্তি নোহোৱালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ব।
কিন্তু প্ৰশাসনে কোনো নিয়ম নমনাকৈ ঘৰ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰে বাদীসকলে। বাসিন্দাসকলক ঘৰ খালী কৰিবলৈ এমাহৰ সময় দিয়াৰ কথা কয়। কিন্তু অভিযোগ অনুসৰি, উচ্ছেদৰ জাননীও দিয়া হোৱা নাছিল। ইয়াৰ মাজতে প্ৰশাসনে তেওঁলোকৰ ঘৰত ৰঙা ষ্টীকাৰ (ঘৰ ভাঙিবলৈ চিহ্নিত কৰা) আঁৰি দিয়াৰ অভিযোগ উত্থাপন হৈছে।