সমগ্ৰ দেশতে চলি আছে বিজেপিৰ সদস্যভৰ্তি অভিযান (BJP Membership Drive)। এই অভিযানৰ দ্বিতীয় পৰ্যায়ত শীৰ্ষস্থান লাভ কৰিছে অসম বিজেপি (Assam BJP)য়ে। অসম বিজেপিয়ে নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত ৮৫ শতাংশ সদস্য ইতিমধ্যে ভৰ্তি (85 per cent members admitted) কৰিছে।
ইয়াৰ জৰিয়তে ৰাজ্যিক বিজেপিয়ে সদস্যভৰ্তিৰ মুঠ সংখ্যাৰ তালিকাত দেশৰ ভিতৰত শীৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, ৰাজ্যৰ ভিতৰত সদস্যভৰ্তিত শীৰ্ষস্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰী। বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষে শনিবাৰে এই তথ্য প্ৰকাশ কৰিছে।
তেওঁ প্ৰকাশ কৰা তথ্য অনুযায়ী, নিৰ্ধাৰিত লক্ষ্যৰ ভিতৰত অসমে ৮৫ শতাংশ, হাৰিয়ানাই ৭৫ শতাংশ, মধ্য প্ৰদেশে ৭০ শতাংশ, গুজৰাটে ৭০ শতাংশ, উত্তৰ প্ৰদেশে ৬৫ শতাংশ, উত্তৰাখণ্ডই ৬৫ শতাংশ, অৰুণাচলে ৬৫ শতাংশ আৰু ত্ৰিপুৰাই ৬০ শতাংশত উপনীত হৈছে।
আনহাতে, অসমত ইতিমধ্যে বিজেপিৰ ৫১ লাখতকৈ অধিক নতুন সদস্য ভৰ্তি হৈছে৷ ইয়াৰ উপৰি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা ৪০ হাজাৰ সদস্যৰ সংখ্যা ৬২ টা সমষ্টিয়ে অতিক্ৰম কৰিছে৷