উত্তৰ প্ৰদেশ (Uttar Pradesh)ৰ এগৰাকী প্ৰাক্তন আমোলাৰ ঘৰত (former bureaucrat’s house) উদ্ধাৰ হীৰৰ ‘ভাণ্ডাৰ’ (‘treasure’ of the rescued diamond)। কেৱল সেয়াই নহয়, কোটি কোটি টকাৰ সোণো উদ্ধাৰ কৰা হৈছে। ইডিয়ে ‘লোটাছ ৩০০ প্ৰজেক্ট’ (Lotus 300 Projects) গোচৰত দেশৰ বিভিন্ন প্ৰান্তত অনুসন্ধান অভিযান চলাই আছে। ইয়াৰ ভিতৰত দিল্লী, নয়ডা, মেৰঠ আৰু চণ্ডীগড় অন্যতম। তাৰে অংশ হিচাপে ইডিৰ এটা দলে প্ৰাক্তন আমোলা মহিন্দৰ সিঙৰ চণ্ডীগড়ৰ ঘৰত তালাচী অভিযান চলাইছিল।
ইডিৰ সূত্ৰ অনুসৰি, প্ৰাক্তন আই এ এছ মহিন্দৰৰ ঘৰত তালাচী চলোৱাৰ সময়ত বহু হীৰা আৰু সোণ উদ্ধাৰ কৰা হয়। প্ৰাক্তন আমোলাৰ ঘৰৰ পৰা উদ্ধাৰ ১২ কোটি মূল্যৰ হীৰা। ইয়াৰ বাহিৰেও উদ্ধাৰ হৈছে ৭ কোটি টকাৰ সোণ। মহিন্দৰ উত্তৰ প্ৰদেশৰ কেডাৰৰ আই এ এছ বিষয়া। ১৯৭৭ চনত ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। আনহাতে, ১৯৭৮ চনত আমোলা হয় আৰু ২০১২ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।
বহুজন সমাজ পাৰ্টিৰ মুৰব্বী মায়াৱতী উত্তৰ প্ৰদেশত ক্ষমতাত থকাৰ সময়ত মহিন্দৰক নয়ডা উন্নয়ন প্ৰাধিকৰণৰ চিইঅ’ হিচাপে নিযুক্তি দিয়া হৈছিল। এইগৰাকী প্ৰাক্তন আমোলা ছুপাৰটেক আৰু আমৰাপালি বিল্ডাৰৰ দুৰ্নীতিৰ সৈতেও জড়িত।
এই গোচৰৰ ১১ জন অভিযুক্তৰ ভিতৰত মহিন্দৰ অন্যতম। ইডিয়ে বিগত কিছুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত অনুসন্ধান অভিযান চলাই আহিছে। সেই অভিযানত তদন্তকাৰী দলটোৱে প্ৰাক্তন বিষয়াজনৰ ঘৰৰ পৰা হীৰা আৰু সোণ উদ্ধাৰ কৰে। অৱশ্যে তদন্তকাৰী সংস্থাটোৱে কোনটো গোচৰত তালাচী অভিযান চলোৱা হৈছিল সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই।