ৱাকি-টকি বিস্ফোৰণত (Walkie-Talkie Explosion) নিহত ৯ জন লোক। লগতে তিনি শতাধিক লোক আহত হয়। সূত্ৰ অনুসৰি, বেইৰুটকে ধৰি সমগ্ৰ দক্ষিণ লেবাননত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে ইয়াৰ পূৰ্বে মঙলবাৰে লেবাননত হিজবুল্লাৰ পেজাৰ বিস্ফোৰণত কমেও ১২ জন লোকৰ মৃত্যু হৈছিল।
আনহাতে, প্ৰায় তিনি হাজাৰ লোক আহত হয়। আহতসকলৰ ভিতৰত আছে হিজবুল্লাৰ সদস্য, চিকিৎসা কৰ্মী আৰু ইৰাণৰ ৰাষ্ট্ৰদূত। এই পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘই এক জৰুৰী বৈঠকৰ আহ্বান জনাইছে।
ইফালে ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদে জনোৱা মতে, ৱাকি-টকি বিস্ফোৰণ সংঘটিত হোৱা অঞ্চলসমূহ সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাৰ দুৰ্গ। অৱশ্যে কিমানটা ৱাকি-টকি বিস্ফোৰণ সংঘটিত হৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
পূব লেবাননৰ বিভিন্ন ঠাইতো লেণ্ডলাইন টেলিফোন বিস্ফোৰণৰ খবৰ পোৱা গৈছে। খবৰ অনুসৰি, প্ৰায় পাঁচ মাহ পূৰ্বে বেতাঁৰ ৰেডিঅ’ ডিভাইচ আৰু ৱাকি-টকি ক্ৰয় কৰা হৈছিল । আনহাতে পেজাৰো প্ৰায় একে সময়তে ক্ৰয় কৰা হৈছিল। ৱাকি-টকি বিস্ফোৰণৰ পূৰ্বে হিজবুল্লাই মঙলবাৰে সংঘটিত হোৱা পেজাৰ বিস্ফোৰণৰ বাবে ইজৰাইলক পোনপটীয়াকৈ দোষাৰোপ কৰিছিল।
ইৰাণ সমৰ্থিত হিজবুল্লাই কয় যে পেজাৰ বিস্ফোৰণত লেবাননত তেওঁলোকৰ হাজাৰ হাজাৰ সদস্য আহত হৈছে। ইৰাণৰ মতে, মৃত বা আহতসকলৰ অধিকাংশই আঘাত পাইছে মুখ, হাত আৰু পেটত। ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰৰ পেজাৰ কাণ্ডত লেবাননত থকা তেওঁলোকৰ ৰাষ্ট্ৰদূত মোজতাবা আমানীও আহত হৈছে।
প্ৰাৰম্ভিক খবৰ অনুসৰি, এই পেজাৰসমূহ টাইৱানৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰিছিল যদিও তেওঁলোকে এই কথা অস্বীকাৰ কৰে। আন এক প্ৰতিবেদনত কোৱা হৈছে যে এই ডিভাইচসমূহ হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত অৱস্থিত এটা কোম্পানীয়ে নিৰ্মাণ কৰিছে।