শেহতীয়াভাৱে বিৰ্তকত সোমাই পৰা সদৌ অসম ছাত্ৰ সন্থা (All Assam Student Union)ৰ সাধাৰণ সম্পাদক (General Secretary) শংকৰজ্যোতি বৰুৱা (Shankar Jyoti Baruah)ই অৱশেষত অব্যাহতি (Stepping Down)। ফেচবুকৰ এক পোষ্ট (Face Book post) যোগে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে ঘোষণা কৰে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি এক বিৰ্তকত সোমাই পৰিছিল আছুৰ নেতাগৰাকী। প্ৰাক্তন প্ৰেয়সী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে শংকৰজ্যোতিৰ ওপৰত মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছিল। ইয়াৰ উপৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে দুয়োৰে কিছু অন্তৰংগ মুহূৰ্তৰ ফটো। তাৰ পিছতে চৰ্চা আৰম্ভ হয় তেওঁ আছুৰ দায়িত্বত থাকিবনে নাথাকে বা আছুৱে এই সন্দৰ্ভত কি সিদ্ধান্ত লয় তাৰ ওপৰত। অৱশেষত এই সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই নিজৰ পদত্যাগৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰে শংকৰজ্যোতি বৰুৱাই।
নিজৰ ফেচবুক পোষ্টটোত তেওঁ লিখিছে,
“নমস্কাৰ ৷
আপোনালোকক জনাব বিচাৰিছোঁ যে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াত আমাৰ সন্দৰ্ভত এক বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ সত্য সত্যতা যদিও ন্যায়ালয়ত প্ৰমাণ হ’ব তথাপিও ব্যক্তিগতভাৱে জনাব বিচাৰো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্ব-ইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছোঁ। ক্ষন্তেক পিছতে কেন্দ্ৰীয় সমিতিলৈ মোৰ অব্যাহতি পত্ৰ প্ৰেৰণ কৰিম৷ আজিৰ এই মূহূৰ্তলৈকে আপোনালোকে আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলোৰে ওচৰত কৃতজ্ঞ হৈ ৰ’ম৷ ধন্যবাদ ৷
সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ
জয় আই অসম।”
আনহাতে, নিজৰ পদত্যাগ পত্ৰ ইতিমধ্যে আছুৰ বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে শংকৰজ্যোতি বৰুৱাই।