কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ (Indian Army) বাবে প্ৰায় ১ লাখ ৪৫ হাজাৰ কোটি টকাৰ অস্ত্ৰ আৰু সামৰিক সামগ্ৰী ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ নেতৃত্বত প্ৰতিৰক্ষা সঁজুলি অধিগ্ৰহণ সমিতিয়ে মঙলবাৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত অনুমোদন জনায়।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা সেনাবাহিনীৰ তিনিটা শাখাৰ (স্থল, নৌসেনা আৰু বায়ুসেনা) লগতে উপকূলৰক্ষী বাহিনীৰ বাবে অস্ত্ৰ আৰু সঁজুলি ক্ৰয় কৰা হ’ব। তালিকাখনত ১০টা প্ৰস্তাৱ সন্নিবিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে ভাৰতীয় সেনাৰ সশস্ত্ৰ ক’ৰৰ বাবে ‘ভবিষ্যতৰ যুদ্ধ বাহন’ (এফ আৰ চি ভি)।
প্ৰতিৰক্ষা বিশেষজ্ঞৰ এটা অংশৰ মতে, আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ (AI) দ্বাৰা পৰিচালিত এই অত্যাধুনিক সমৰসজ্জিত বাহনখনে অদূৰ ভৱিষ্যতে শতিকা পুৰণি টেংক যুদ্ধৰ শৈলীত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব।
‘ভৱিষ্যতৰ যুদ্ধ বাহন’ৰ আভ্যন্তৰীণ দিশটো লক্ষ্য কৰিলে ইয়াক এক দৃষ্টিত উচ্চ কনফিগাৰেচন গেমিং চিষ্টেমৰ দৰে দেখা যায়।
টেংকটোক আগুৰি আছে এখন ডাঙৰ টাচ্চ স্ক্ৰীণ, যিয়ে ‘৩৬০ ডিগ্ৰী দৃষ্টি’ নিৰীক্ষণ প্ৰদান কৰে। ভিডিঅ’ গেম কন্ট্ৰ’লাৰৰ সহায়ত টেংকটো নিয়ন্ত্ৰণ কৰিব পাৰি। এই সমৰসজ্জিত বাহনখন নিয়ন্ত্ৰণ কৰিবলৈ তিনিজন জোৱান যথেষ্ট। মঙলবাৰৰ ডি এ চিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে ভাৰতীয় সেনাৰ বাবে ১৭৭০ খন এফ আৰ চি ভি ক্ৰয় কৰা হ’ব। যাৰ বাবে আনুমানিক খৰচ হ’ব ৬০ হাজাৰ কোটি।
ইয়াৰ উপৰি পৰিৱৰ্তিত সামৰিক কৌশলৰ লগে লগে উন্নত মধ্যমীয়া ওজনৰ টেংকৰ চাহিদাও বৃদ্ধি পাইছে। ভাৰতীয় সেনাই এনে এক প্ৰকাৰৰ যুদ্ধ টেংক বিচাৰিছিল, যিয়ে পৰিৱৰ্তিত কৌশলৰ লগত নিজকে খাপ খুৱাব পাৰে আৰু কঠোৰ যুঁজ দিব পাৰে। বিশেষজ্ঞসকলে কয় যে এই ক্ষেত্ৰত এফ আৰ চি ভিয়ে অতি ফলপ্ৰসূ ভূমিকা পালন কৰিব।
এই টেংকে দিনে-নিশাই সমান কাৰ্যক্ষমতাৰে কাম কৰিব পাৰে। এই টেংকটো পাহাৰীয়া, মৰুভূমি অঞ্চলতো নিয়োগ কৰিব পাৰি। বিশেষজ্ঞসকলে এইটোও কয় যে এই টেংকটোৱে হিমাঙ্কৰ তলত ৩০ ডিগ্ৰী চেলছিয়াছত, লগতে ৫০ ডিগ্ৰী চেলছিয়াছতো দক্ষতাৰে কাম কৰিব।