ৰাজ্যৰ শেহতীয়া বানত (Assam Flood) এতিয়াও ২৪ খন জিলাৰ ১২,৩৩,২৩৬ গৰাকী লোক আক্ৰান্ত হৈ আছে৷ আনহাতে, ৩২৯২৪.৩২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্যত এই কথা প্ৰকাশ।

তথ্য অনুসৰি, বৰ্তমানলৈকে সৰ্বাধিক ক্ষতিগ্ৰস্ত জিলা হৈছে ধুবুৰী। ইয়াৰ পিছত আছে কাছাৰ জিলা। আনহাতে, এই পৰ্যন্ত কাছাৰ, ধুবুৰী, নগাঁও, কামৰূপ, ডিব্ৰুগড়, গোলাঘাট, নলবাৰী, বৰপেটা, ধুবুৰী, শিৱসাগৰ, গোৱালপাৰা, যোৰহাট, মৰিগাঁও, লখিমপুৰ, কৰিমগঞ্জ, দৰং, মাজুলী, বিশ্বনাথ, হাইলাকান্দি, বঙাইগাঁও, দক্ষিণ শালমাৰা, চিৰাং, তিনিচুকীয়া আৰু কামৰূপ (মহানগৰ) জিলা বানৰ কবলত আছে।
৭৫ টা ৰাজহ চক্ৰৰ ২,৪০৬ খন গাঁও ক্ষতিগ্ৰস্ত। উল্লেখ্য যে এই পৰ্যন্ত ২৪ খন জিলাৰ ৭৫ টা ৰাজহ চক্ৰৰ ২,৪০৬ খন গাঁও বানত প্ৰভাৱিত হৈ আছে। আনহাতে, শেহতীয়া বানত মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত ৭ জন লোকে বিগত ২৪ ঘণ্টাত প্ৰাণ হেৰুৱাইছে। ইয়াৰে ৫ জন গোৱালপাৰাৰ নাও দুৰ্ঘটনাত আৰু নগাঁও আৰু যোৰহাটত এজনকৈ লোকৰ বানত মৃত্যু হয়।