অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট বোৰ্ডে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ (Indian Men Cricket Team) মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে গৌতম গম্ভীৰক। বহু দিনৰ পৰা চৰ্চা চলি আছিল যে ৰাহুল দ্ৰাবিড়ৰ পিছত গম্ভীৰক প্ৰশিক্ষক হিচাপে জয় শ্বাহ আৰু ৰজাৰ বিন্নি উভয়ে পছন্দ কৰিছিল।
ভাৰতীয় দলৰ প্ৰাক্তন বাঁওহতীয়া অ’পেনাৰগৰাকীয়েও দায়িত্ব ল’বলৈ আগ্ৰহী আছিল। অৱশেষত মঙলবাৰে বোৰ্ডৰ সচিব জয় শ্বাহে গম্ভীৰক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ আনুষ্ঠানিক সিদ্ধান্ত ঘোষণা কৰে। উল্লেখ্য, আন এগৰাকীন প্ৰাক্তন ক্ৰিকেটাৰ ডব্লিউ ভি ৰমণো আছিল গম্ভীৰৰ প্ৰতিদ্বন্দ্বী ।
কলকাতা নাইট ৰাইডাৰ্ছৰ অন্যতম নেতা শ্বাহৰুখ খানে ভাৰতীয় দলৰ প্ৰশিক্ষক তথা গম্ভীৰৰ মাজত অৱশ্যে কিছু বাধাৰ সৃষ্টি কৰিছিল। শ্বাহৰুখে দলটোক পুনৰ সফলতাৰ পথত আগুৱাই নিবলৈ যিকোনো মূল্যৰ বিনিময়ত গম্ভীৰক গুৰু হিচাপে ৰাখিব বিচাৰিছিল।
গম্ভীৰ গুৰু হোৱাৰ বাবেই ১০ বছৰৰ পাছত পুনৰ আইপিএলত চেম্পিয়ন হয় কেকেআৰ। জানিব পৰা মতে, বলীউডৰ কিং খানে গম্ভীৰক ১০ বছৰৰ বাবে কেকেআৰলৈ আনিছিল। গম্ভীৰক দলত ৰখাৰ বাবে যিকোনো পৰিমাণৰ ধন খৰচ কৰিবলৈও তেওঁ সাজু আছিল। দলটোৱে চেম্পিয়নশ্বিপ লাভ কৰাৰ পিছত গম্ভীৰক ভাৰতীয় দললৈ এৰি দিবলৈ ইচ্ছুক নাছিল শ্বাহৰুখ। অৱশেষত তেওঁ দেশৰ স্বাৰ্থত সন্মতি প্ৰদান কৰে।
সূত্ৰ অনুসৰি, আইপিএলৰ ফাইনেলৰ পিছত গম্ভীৰৰ সৈতে শ্বাহৰুখৰ ব্যক্তিগত বৈঠক হৈছিল। দীঘলীয়া বৈঠকৰ অন্তত মান্তি হয় শ্বাহৰুখ। সন্মতি লাভ কৰাৰ পিছত গম্ভীৰে বোৰ্ডৰ বিষয়াসকলৰ সৈতে যোগাযোগ কৰে। তেওঁক পাবলৈ আগ্ৰহী বিচিচিআইৰ বিষয়াসকলো নিয়মীয়াকৈ যোগাযোগত আছিল। বিৰাট কোহলীয়েও গম্ভীৰৰ নাম বোৰ্ডৰ বিষয়াসকলক পৰামৰ্শ দিয়ে।
কেকেআৰৰ নেতৃত্বই সন্মতি দিয়াৰ পিছত প্ৰয়োজনীয় কাম সম্পন্ন হয়। নিৰ্ধাৰিত পদ্ধতি অনুসৰণ কৰি বোৰ্ডৰ ক্ৰিকেট পৰামৰ্শদাতা সমিতিৰ সৈতে সাক্ষাৎকাৰত বহে গম্ভীৰ। সূত্ৰ অনুসৰি, তেওঁ সমিতিৰ সদস্যসকলক পাঁচটা চৰ্তৰ বিষয়ে অৱগত কৰে। বিচিচিআইৰ কৰ্মকৰ্তাসকলে গম্ভীৰৰ চৰ্ত মানি লয়। মন কৰিবলগীয়া যে টি-২০ বিশ্বকাপৰ পাছত দ্ৰাবিড় দায়িত্বত নাথাকিব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছিল।
আইপিএলত গুৰু হিচাপে লাভ কৰা সফলতা, ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে ভাল সম্পৰ্ক আৰু ভাৰতৰ ক্ৰিকেট আন্তঃগাঁথনিৰ বিষয়ে স্পষ্ট জ্ঞানৰ বাবেই গম্ভীৰ প্ৰশিক্ষকৰ দৌৰত আগবাঢ়ি আছিল। ২০২২ আৰু ২০২৩ চনত আইপিএল ফ্ৰেঞ্চাইজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক মেণ্টৰ কৰিছিল তেওঁ। দুয়োবাৰেই লক্ষ্ণৌৱে আইপিএল প্লে’-অফত স্থান লাভ কৰে।
২০২৪ চনত গম্ভীৰে কলকাতা নাইট ৰাইডাৰ্ছৰ গুৰু হিচাপে দায়িত্ব গ্ৰহণ কৰে। প্ৰথম বছৰতে আইপিএল চেম্পিয়ন হয় শ্ৰেয়ছ আয়াৰৰ দলটো। মন কৰিবলগীয়া যে গম্ভীৰে ২০১২ আৰু ২০১৪ চনত অধিনায়ক হিচাপে কেকেআৰক আইপিএল চেম্পিয়ন কৰি তুলিছিল। ২০০৭ আৰু ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলৰো অন্যতম সদস্য আছিল গম্ভীৰ।