মাত্ৰ তিনি ঘণ্টাৰ বাবে খোজ কাঢ়িবলৈ ওলাই যোৱা ৩৪ বছৰীয়া লুকাছ মেকক্লিছে (Lukas McClish) সপোনতো ভবা নাছিল যে চিনাকি ৰাস্তা এটাত খোজকাঢ়িবলৈ গৈ এনে বিপদ ঘটিব। লুকাছে উত্তৰ কেলিফ’ৰ্ণিয়াৰ চাণ্টা ক্ৰুজৰ পাহাৰীয়া পথত খোজকাঢ়িবলৈ ওলাই গৈছিল।
কিছু সময় খোজকাঢ়ি যোৱাৰ পিছত তেওঁ বাট হেৰুৱাই পেলায়। অৱশেষত ১০ দিনৰ পাছত লুকাছক উদ্ধাৰকাৰীয়ে অৰণ্যত উদ্ধাৰ কৰে।
১১ জুনত লুকাছে খোজকাঢ়িবলৈ আৰম্ভ কৰিছিল। যাত্ৰা মাত্ৰ তিনি ঘণ্টাৰ বাবে, তাত বিশেষ একো নাছিল। আনকি তেওঁৰ লগত মোবাইল ফোনো নাছিল। লুকাছৰ পৰিয়ালটোও তেওঁৰ নিৰুদ্দেশৰ বিষয়ে অজ্ঞাত আছিল। ১৬ জুনত লুকাছে পৰিয়ালৰ নৈশ আহাৰ গ্ৰহণৰ সময়ত উপস্থিত নোহোৱাত তেওঁলোক চিন্তিত হৈ পৰে। লগে লগে আৰক্ষীক অৱগত কৰা হয়। আৰক্ষীয়ে সন্ধান আৰম্ভ কৰে।
৯ ৰাতি ১০ দিন হাবিত হেৰাই যোৱাৰ পিছত উদ্ধাৰ হয় লুকাছ। শ্বেৰিফৰ কাৰ্যালয়ে জনোৱা মতে, কেইবাজনো লোকে হাবিৰ পৰা সহায়ৰ বাবে কৰা চিৎকাৰ শুনা বুলি জনায়। কিন্তু ক’ৰ পৰা শব্দ আহিছিল সেয়া স্পষ্ট হোৱা নাছিল। চাণ্টা ক্ৰুজ শ্বেৰিফৰ কাৰ্যালয়ে ড্ৰ’ন ব্যৱহাৰ কৰি লুকাছক বিচাৰে। কে-৯ স্নিফাৰ কুকুৰ এটাও নিয়া হয়।
ইফালে উদ্ধাৰকাৰীক দেখি লুকাছে কান্দোনত ভাঙি পৰে। সেইদিনালৈ তেওঁৰ ওজন ১৩ কেজি কমিছিল। প্ৰাথমিক চিকিৎসাৰ পিছত তেওঁৰ শৰীৰত কোনো ডাঙৰ আঘাত পোৱা নগ’ল। লুকাছে কয়, “এই ১০ দিনত মই গোটেই বছৰটোৰ খোজকাঢ়িলোঁ। ফোৱাৰাৰ পৰা জোতাৰে ভৰাই পানী খালোঁ। বনৰীয়া ফল খাই দিনটো কটালে। সহায় বিচাৰি চিঞৰি চিঞৰি শ্বাসৰুদ্ধ হৈ গৈছে। মই ভাগৰি পৰিছোঁ।”
লুকাছৰ এলবিনো ৰোগ আছে। সেয়ে কেইদিনমান তেওঁ দিনৰ ভাগত ৰ’দৰ পৰা আঁতৰি থাকে। ৰাতি ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ ফোঁপোলা গছৰ গুৰিত আছিল। তেওঁ লগতে কয়, “এদিন এটা পাহাৰীয়া সিংহই মোৰ পিছত লাগিছিল। কিছু সময় মোৰ পিছে পিছে গৈ থাকে। কিন্তু মই তাৰ পৰা মোৰ দূৰত্ব বজাই ৰাখিছিলোঁ।” লুকাছে কেতিয়াও ভবা নাছিল যে তেওঁ চিনাকি পথ এটাত বাট হেৰুৱাব।
তেওঁ কয়, “মই এই পথটোত বহুবাৰ খোজকাঢ়িছোঁ। কিন্তু শেহতীয়াকৈ বনজুইৰ ফলত ট্ৰেইলৰ চিনবোৰ মচি পেলোৱাৰ বাবে মই পথটো হেৰুৱাই পেলালোঁ। প্ৰতিদিনে ভাবিছিলোঁ নিশা ৮ বজাৰ ভিতৰত ঘৰলৈ উভতি যাব পাৰিম।” শেষত তেওঁ লগতে কয়, “মই গোটেই জীৱন ইয়াতেই বাস কৰি আহিছোঁ, উত্তৰৰ পৰা দক্ষিণলৈ বহু কঠিন পথ অতিক্ৰম কৰিছোঁ। আমাৰ পাহাৰবোৰ ইমান নিষ্ঠুৰ যে কেতিয়াও ভবা নাছিলোঁ।”