ৰাছিয়া ভ্ৰমণৰত প্ৰধানমন্ত্ৰী মোডীৰ (PM Modi visiting Russia) বাবে ৰাছিয়ান ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তেওঁৰ ঘৰত নৈশ আহাৰৰ আয়োজন কৰে। আনহাতে, মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক তাত কিছু পৰামৰ্শ (Modi’s advice to the Russian President) দিয়ে। সূত্ৰৰ পৰা জানিব পৰা মতে, নৈশ আহাৰ গ্ৰহণৰ সময়ত দুয়োগৰাকী নেতাৰ মাজত যুদ্ধৰ বিষয়ে চৰ্চা হয়। মোডীয়ে পুটিনক বুজায় যে যুদ্ধৰে কোনো সমস্যা সমাধান নহয়।
উল্লেখ্য, বিগত দুবছৰ ধৰি ইউক্ৰেইনৰ সৈতে যুদ্ধত (War of Ukraine) লিপ্ত হৈছে ৰাছিয়া। সেই যুদ্ধত আমেৰিকাকে ধৰি প্ৰথম বিশ্বৰ বহু দেশে ইউক্ৰেইনক সমৰ্থন জনাইছে।
সংবাদ মাধ্যম এন ডি টিভিয়ে এক প্রতিবেদনত প্রকাশ কৰিছে যে ভাৰতৰ প্রধানমন্ত্রীয়ে পুটিনক অকলে এই যুদ্ধৰ অন্ত পেলাবলৈ অনুৰোধ জনাইছে৷ একে সময়তে তেওঁ পুটিনক বুজাই দিয়ে যে আলোচনা আৰু কূটনীতিয়ে এই ক্ষেত্ৰত সফলতা দিব পাৰে। কিন্তু যুদ্ধই কেতিয়াও নিদিয়ে।
দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াৰ মস্কোলৈ গৈছে প্ৰধানমন্ত্ৰী মোডী। তাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে মোডীয়ে কূটনৈতিক আলোচনাত মিলিত হয়। অৱশ্যে সোমবাৰে পুটিনে ব্যক্তিগতভাৱে তেওঁক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনায়। সূত্ৰ অনুসৰি, মোডীয়ে তাত পুটিনক কয় যে ভাৰতে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠানিক চুক্তিসমূহক সন্মান কৰে। ভাৰতেও ভূখণ্ডীয় ঐক্য আৰু সাৰ্বভৌমত্বত বিশ্বাস কৰে। উক্ত চিন্তাৰ পৰাই তেওঁ ভাবে যে যুদ্ধ কোনো সমস্যাৰ সমাধান হ’ব নোৱাৰে।